ডিব্ৰুগড়ত বন্দৰ, জাহাজ, জল পৰিবহন আৰু আয়ুস দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি এক সংবাদ মেল আহ্বান কৰে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ “গতি শক্তি” সম্পৰ্কত বক্তব্য ৰাখে মন্ত্ৰী গৰাকীয়ে। যোৱা ১৩ অক্টোবৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ উন্নয়নৰ গতি বৃদ্ধি কৰাৰ বাবে “গতি শক্তি” আঁচনিৰ শুভ আৰম্ভ কৰে । আঁচনি খনৰ সন্দৰ্ভত সাংবাদিকক ৭ মিনিটৰ তথ্য চিত্ৰ জৰিয়তে অৱগত কৰায় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।তেওঁ জনায় যে প্ৰধানমন্ত্ৰীৰ ‘গতি শক্তি আঁচনিৰ যোগেদি দেশৰ গতি বৃদ্ধি হ’ব। চৰকাৰখনে ১৬ টা মন্ত্ৰালয় এক কৰি কাম কৰিবলৈ সাজু হৈছে। বিশ্বৰ বুকুত ভাৰতে উন্নয়নৰ গতি ত্বৰাম্বিত কৰিব। আন্ত গাঁঠনি, যাতায়ত যোগাযোগ, নিযুক্তিৰ নতুন বাট মুকলি কৰিব বুলি মন্তব্য আগবঢ়ায় মন্ত্ৰী গৰাকীয়ে। ৰাজ্যসমূহো এই আঁচনিত জড়িত হ’ব বুলি তেওঁ জনায়। বিভাগবোৰৰ সন্বয়নহীনতাৰ বাবে প্ৰগতিত বাধা আহিছিল। এতিয়া ১৬ টা বিভাগে সমন্বিত ৰূপত কাম কৰিব। ১৩০ কোটি জনতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে এই আঁচনি লৈছে বুলি উল্লেখ কৰে । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্রেছক সমালোচনা কৰি কয় যে বিগত কংগ্ৰেছৰ দিনত এনেধৰনৰ ঐক্যবদ্ধ আৰু শৃংখলাবদ্ধ কোনো আঁচনি গ্ৰহণ কৰা নাছিল।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা