এক শান্ত, সন্মোহিত ঋতু, যাৰ নাম শৰৎ। অতি সংগোপনে আগমন ঘটিল আমাৰ মাজলৈ। শৰতৰ আগমনৰ বাৰ্তা দিলে চোতাল ভৰি শুকুলাৰ দলিচা সজা শেৱালি জোপাই। পুৱাৰ দূৱৰিৰ মুকুতা সজা নিয়ৰে।
শৰত মানে কেৱল এয়াই নে? নৈৰ পাৰত বতাহৰ গতিত হালি জালি নচা কহুঁৱাও ৰচিছে ইয়াৰ বন্দনা। কাৰণ শাৰদীয় ৰাণী আগমনৰ সময় হৈছে। সময় হৈছে দেৱী পূজনৰ। সেয়েহে উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে।
এই শৰতক লৈয়ে কবিয়ে কবিতা লিখে, গায়কে গান গায় আৰু প্ৰেমিকজনে শৰতক লৈয়ে বহুতো সপোন দেখে। কাৰণ শৰতৰ আছে অন্য এক ৰং। শৰতে কঢ়িয়াই আনে আশাৰ বতৰা। যি বতৰাই উমাল কৰি ৰাখে আপোনাৰ, আমাৰ মন।
প্ৰিয় পাঠক, শৰত ঋতুয়ে কঢ়িয়াই অনা এক অনুভৱ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। লেখাটো পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব। আমাৰ ইমেল হ’ল [email protected] সদৌ শেষত আপোনালোকক শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিলো।