দেশৰ ৰাজহুৱা তৈল কোম্পানী সমূহৰ অন্যতম আৰু নবৰত্ন সন্মানেৰে সন্মানিত অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে ২ আগষ্টত কাৰ্যভাৰ গ্ৰহণ কৰিছে ডঃ ৰণজিৎ ৰথে । উল্লেখযোগ্য যে আই আই আই টি বোম্বাই আৰু আই আই টি খড়্গপুৰৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ ডঃ ৰণজিৎ ৰথ অইলকে ধৰি এনে ধৰণৰ প্ৰতিষ্ঠানত বিভিন্ন ক্ষেত্ৰত ২৫ বছৰৰো অধিক কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট । ইয়াৰ পূৰ্বে ডঃ ৰথে ভাৰতীয় ভূ – তাত্বিক জৰীপ বিভাগত সঞ্চালক প্ৰধান আৰু খনিজ বিদেশ ইণ্ডিয়া লিমিটেডত মুখ্য কাৰ্যবাহী বিষয়া হিচাপে সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰিছিল । আনকি ভাৰত চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰণালয়ৰ অধীনৰ তেল আৰু প্ৰাকৃতিক গেছৰ লগত জড়িত কেবাটাও প্ৰতিষ্ঠানত ডঃ ৰথে সেৱা আগবঢ়াইছিল।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই