যোৰহাটত জাঁজী আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 190

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই কালি যোৰহাট জিলাৰ মৰীয়নি সমষ্টিৰ অন্তৰ্গত আমগুৰিৰ হাতীমুৰীয়াত উপস্থিত হৈ জাঁজী নদীয়ে সৃষ্টি কৰা খহনীয়াৰ বুজ লয় আৰু কাষৰীয়া অঞ্চলটোক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ স্থায়ী প্ৰতিৰোধৰ কামৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে । ইতিমধ্যে বিভাগৰ অস্থায়ী প্ৰতিৰোধ ব্যৱস্থাৰে অঞ্চলটোত খহনীয়া ৰোধ কৰি ৰখা হৈছে । মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজৰ সৈতেও আলাপ কৰি স্থায়ী প্ৰতিৰোধৰ কাম কৰা হ’ব বুলি কথা দিয়ে আৰু অঞ্চলটোক খহনীয়াৰ পৰা বচাবলৈ বিভাগীয়ভাৱে সম্পূৰ্ণ প্ৰয়াস কৰা হ’ব বুলি উল্লেখ কৰে ।

ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে যোৰহাটৰ নিমাতিঘাটত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে বিভাগে বিগত সময়ত পৰ্কুপাইন আৰু জিঅ’ বেগৰ সহায়ত কৰা কাম পৰিদৰ্শন কৰে । উল্লেখযোগ্য যে বিগত সময়ত ব্যাপকভাৱে খহনীয়াত ক্ষতি হোৱা নিমাতিঘাটত মন্ত্ৰী হাজৰীকাই জিঅ’ বেগ আৰু পৰ্কুপাইনৰ সহায়ত প্ৰতিৰোধৰ কাম কৰিবলৈ নিৰ্দেশ দিছিল । মন্ত্ৰীগৰাকীৰ নিৰ্দেশত বিভাগে প্ৰায় ৪.৫ কোটি টকা ব্যয়েৰে পৰ্কুপাইন আৰু জিঅ’ বেগৰ সহায়ত খহনীয়া ৰোধৰ কাম কৰি সফলতা লাভ কৰিছিল । মন্ত্ৰীগৰাকীয়ে আজি লক্ষ্য কৰে যে বিগত সময়ত অঞ্চলটোত খহনীয়া ৰোধ হোৱাৰ লগতে প্ৰায় ৫০ মিটাৰ অংশত প্ৰায় ১০ ফুট উচ্চতাৰ বালিৰ তৰপ বহি নদীখন মথাউৰিৰ পৰা কিছু আঁতৰি গৈছে । পৰ্কুপাইনৰ কামৰ এনে সফলতা দেখি মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত গোটেই ৰাজ্যখনতে ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে ব্যাপকভাৱে পৰ্কুপাইন ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব বুলি পৰিদৰ্শনৰ সময়ত প্ৰকাশ কৰে । 

দুয়োটা স্থানতে মন্ত্ৰীগৰাকীক আজিৰ পৰিদৰ্শনৰ সময়ত মৰীয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু জলসম্পদ বিভাগৰ অভিযন্তাসকলে সংগ দিয়ে ।

Leave A Reply

Your email address will not be published.