১৭৫ নং চিআৰপিএফ বাহিনীৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে বৃহত্তৰ ৰাণীত ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী

0 235

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে পালন কৰা পৰিলক্ষিত হৈছে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী । সেই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি পুৱা পশ্চিম গুৱাহাটীৰ ৰাণীস্থিতি ১৭৫ নং চিআৰপিএফ বাহিনীৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত বৃহত্তৰ ৰাণী অঞ্চলত ‘হৰ ঘৰ ত্ৰিৰংগা যাত্রা’ শীর্ষক কাৰ্যসূচী । ৰাণীৰ ঔদ্যোগিক ক্ষেত্ৰত থকা বাহিনীটোৰ মুখ্য কাৰ্যালয় চৌহদৰ পৰা কাহাৰপাৰা, বাটাবাৰী, ৰঙাপাৰা, গণপতি, নতুন ৰাণী, ৰাণী বজাৰ, নিৰলপুৰ, আল্লীবাৰীকে ধৰি বৃহত্তৰ ৰাণী অঞ্চলৰ মাজেৰে ১৭৫ নং চিআৰপিএফ বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত উলিওৱা বাইক ৰেলীত পতাকা আৰি বাহিনীটোৰ ৫০ জন বিষয়া-জোৱানে ভাগ লয়। আনহাতে, এই ত্রিৰংগা যাত্ৰাৰ সময়ত অঞ্চলটোৰ ৰাইজে হাত চাপৰি বজাই আৰু ভাৰত মাতা কি জয় ধ্বনিৰে আদৰণি জনায়। কাৰ্যসূচীত ডেপুটী কমাণ্ডেণ্টদ্বয় আব্দুল ৰহিম আৰু ৰবি কুমাৰ শ্ৰীবাস্তব, পৰিদৰ্শক অজিত সিঙকে ধৰি ১৭৫ নং চিআৰপিএফ বাহিনীৰ ভালে কেইগৰাকী বিষয়ববীয়া, জোৱানসকলৰ লগতে কেবাজনো সাংবাদিক আৰু ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে ১৩ আগষ্টলৈ বাহিনীটোৱে এই কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি বাহিনীটোৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাই জানিবলৈ দিছে।
বাতৰি যুগুতালে জিতুমণি দাসে।

Leave A Reply

Your email address will not be published.