অখিল ভাৰতীয় সাহিত্য পৰিষদ নগাঁও জিলা শাখাৰ দ্বিতীয় ত্রি-বাৰ্ষিক অধিবেশন সম্পন্ন – গ্ৰন্থ উন্মোচন আৰু বহুভাষিক কবি সন্মিলন

0 203

সৰ্বভাৰতীয় পৰ্যায়ৰ সাহিত্য অনুষ্ঠান অখিল ভাৰতীয় সাহিত্য পৰিষদৰ নগাঁও জিলা শাখাৰ দ্বিতীয় ত্রি-বাষিক অধিবেশন খনি আজি দিনযোৰা কাৰ্যসূচীৰে নগাঁৱৰ লক্ষীনগৰস্থিত হোমিঅ’পেথিক মহাবিদ্যালয় প্ৰাংগনত সম্পন্ন হয়। পুৱা ১০ বজাত পতাকা উত্তোলনেৰে দিনযোৰা কাৰ্যসূচীৰ আৰম্ভনি কৰে জিলা শাখাৰ সভাপতি ড° দিলীপ শৰ্মাই। তাৰ পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে বিশিষ্ট সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱাই। কাৰ্যসূচী অনুসৰি গ্ৰন্থ উন্মোচনী সভাত লেখিকা ৰঞ্জনা বৰাৰ “দিহানাম” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ ৰাজ্যিক সভাপতি ধীৰেন শৰ্মাই। তেখেতে উন্মোচনী ভাষনত কয় – ভাৰতীয় প্ৰাচীন সাহিত্য , সংস্কৃতি, পৌৰানিক গীত, নাট আদি প্ৰচাৰ-প্ৰসাৰেই হল অখিল ভাৰতীয় সাহিত্য পৰিষদৰ মূল লক্ষ্য আৰু উদ্দেশ্য। আধ্যাত্মিক চিন্তাই, আধ্যাত্মিক চেতনাই এখন সুন্দৰ মানৱ সমাজ গঢ়িব পাৰে। উন্মোচনী সভাখনত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে পৰিষদৰ ৰাজ্যিক উপ সভাপতি দেৱেশ্বৰ কলিতাই। তাৰ পিছতেই অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ত্রিদিপ লস্কৰৰ সঞ্চালনাত অনুষ্ঠিত হয় বহুভাষিক কবি সন্মিলন। এই কবি সন্মিলনত ইংৰাজী, হিন্দী, বাংলা, অসমীয়া, তিৱা, ডিমাছা, ৰাজস্থানী, নেপালী, আদিবাসী কে ধৰি বহুভাষাৰ প্ৰায় ডেৰকুৰী কবিয়ে অংশগ্ৰহণ কৰে‍। তাৰ পিছতেই আৰম্ভ হয় মূল অধিবেশনৰ মুকলি সভা। ড° দিলীপ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে ৰাজ্যিক উপ সভাপতি দেবেশ্বৰ কলিতাই। ৰাহুল দেৱ বৰদলৈয়ে আঁত ধৰা মুকলি সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যিক সভাপতি ধীৰেন শৰ্মাই কয়- আমাৰ যদি সংস্কৃতি নেথাকে, আমাৰ যদি সাহিত্য নেথাকে, আমাৰ যি পৌৰাণিক চিন্তা, ভাৰতীয় আধ্যাত্মিকতা এই সকলোবোৰক লৈয়ে আমাৰ ভাৰতীয় সাহিত্য-সংস্কৃতি। কৃষ্ণ সংস্কৃতিৰ ঐতিহ্যক সাৰোগত কৰি আমাৰ সমাজ আগুৱাই নিব লাগিব। আমাৰ প্ৰচীন সাহিত্যৰ মূল্যায়ন সথিক ভাৱে কৰিব লাগিব, তেতিয়াহে আমাৰ ভাৰতীয় সাহিত্যৰ উৎকৰ্স সাধন কৰা হব। অনুষ্ঠানত সন্মানীয় অতিথি হিচাবে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰান কুমাৰ বৰুৱা আৰু নিদ্দিষ্ট বক্তাৰ ভাষণ ৰাখে মৰিগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° বুধেন শইকীয়াই। এই সভাতে বহুভাষিক কবি সন্মীলনত অংশগ্ৰহণ কৰা কবি সকলক মান পত্ৰ প্ৰদান কৰা হয়।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল বৰদলৈয়ে

Leave A Reply

Your email address will not be published.