বিশ্ব থিয়েটাৰ দিৱসত স্বপ্ৰতিভাৰে ৰাজস্থানত উজলিল ঢকুৱাখনাৰ নাট্য শিল্পী অৰুন্ধতী

0 1,023

মনে প্ৰাণে অভিনয় আৰু নাট্য শিল্পৰ ফল্গুধাৰা প্ৰবাহিত কৰি  অহা ঢকুৱাখনাৰ এগৰাকী অক্লান্ত নাট্য কৰ্মী । জীৱনত বাস্তৱত বিচাৰি নোপোৱাবোৰ নাট্য শিল্পৰ মাজতে আবিষ্কাৰ কৰি বিগত ১২ বছৰ ধৰি নিৰন্তৰ নাট্য চৰ্চাৰ ধাৰা অব্যাহত ৰাখিছে এইগৰাকী নাট্য পিপাসুৱে । অভিনয় ,পৰিচালনা , নাট্য ৰচনা আদিৰ মাজতেই জীৱনৰ  অম্লমধুৰ ছন্দ বিচাৰি পোৱা এইগৰাকী নীৰৱ নাট্য সাধকৰ নাম অৰুন্ধতী কলিতা । ঢকুৱাখনা নগৰৰ আলোক নগৰ নিবাসী প্ৰবীণ শিক্ষাবিদ ধৰণী ধৰ কলিতা আৰু সমাজ কল্যান বিভাগৰ অৱসৰী প্ৰকল্প বিষয়া  ,সুলেখিকা চেনেহী দত্তৰ কন্যা অৰুন্ধতী কলিতা ।শৈশৱৰ পৰাই নাট্য সংস্কৃতিৰ সতে সম্পৃক্ত হৈ  পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা নাট্য সাহিত্যৰ স্নাতক  ডিগ্ৰী গ্ৰহণ কৰি অসমীয়া নাট্য জগতলৈ নিজস্ব  অৱদান আগবঢ়াই আহিছে ।  এইগৰাকী নাট্য সাধক অৰুন্ধতী কলিতাই তেওঁৰ ব্যতিক্ৰমী আৰু স্বকীয়  নাট্য কলা প্ৰদৰ্শনৰ বাবে আমন্ত্ৰিত হৈছিল ৰাজস্থানলৈ । ২৭ মাৰ্চ অৰ্থাৎ আজি “বিশ্ব থিয়েটাৰ দিৱস” উপলক্ষত প্ৰচাৰ বিমুখ ,প্ৰতিভাধৰ নাট্য সাধক কলিতাক  নিজস্ব নাট্য কলা প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ কৰিছিল ৰাজস্থানৰ  অগ্ৰণী থিয়েটাৰ গোষ্ঠী  গোফান থিয়েটাৰে । ঢকুৱাখনাৰ  অয়ন থিয়েটাৰৰ জৰিয়তে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত নাট্য সুবাস বিলাই ফুৰা অৰুন্ধতী কলিতাই এই নিমন্ত্ৰণ ৰক্ষা কৰি  ৰাজস্থানৰ বানচৱাৰা জিলাৰ  অত্যাধুনিক ৰংগমঞ্চত উপস্থিত হৈ দেওবাৰে সন্ধিয়া ৭-৩০ বজাত একক আৰু অন্যন্য নাট্য প্ৰতিভা প্রদর্শনেৰে মৰু ৰাজ্যখনৰ শত সহস্ৰজনক সন্মোহিত কৰিলে। ঢকুৱাখনাৰ স্বাভিমানী দিকগ্ৰজ , বিশিষ্ট কথা সাহিত্যিক ,
সাংবাদিক প্ৰয়াত হোমেন বৰগোহাঞিৰ  সুখপাঠ্য উপন্যাস সুবালাৰ একে নামৰ  নাট্যৰূপ দি নিজে পৰিচালনা ,পৰিকল্পনা আৰু হৃদয়স্পৰ্শী অভিনয় কৰি মৰু ৰাজ্যখনৰ অগণন নাট্যনুৰাগীৰ অশ্ৰু বোৱাবলৈ সক্ষম হল অৰুন্ধতী কলিতা। কিদৰে এগৰাকী গঞা কিশোৰীক জন্মদাত্ৰী মাকে দৰিদ্ৰতা আৰু ক্ষুধাৰ তাৰনাত স্বগৃহত  ঘৰত  পোহ পাল দিব নোৱাৰি বেশ্যালয়লৈ প্ৰেৰণ কৰিলে ,পৰৱৰ্তী সময়ত  কি দৰে কিশোৰী গৰাকী বেশ্যা বৃত্তিত জড়িত হবলৈ বাধ্য হোৱাৰ পাছত এনে কৰাল গ্ৰাসৰ পৰা ওলাই অহাৰ একো পথ বিচাৰি নাপালে এই সকলো পৰিঘটনা বাঙ্ময় আৰু বাস্তৱ ৰূপত অভিনয়  কৰি  ৰাজস্থানী নাট্য শিল্পী সমাজৰ পৰা উচ্চ প্ৰশংসিত হয় নাট্যকর্মী কলিতা।
এগৰাকী  কিশোৰীৰ  দুৰ্বিসহ জীৱন পৰিক্ৰমা আৰু  হৃদয় বিদাৰক এখন জীয়া  ছবি সুবালা নাটকৰ জৰিয়তে দাঙি ধৰিবলৈ  সক্ষম হোৱা ঢকুৱাখনাৰ প্ৰতিভাধৰ নাট্য কৰ্মী গৰাকীৰ  এনে একক ব্যতিক্ৰমী প্ৰয়াসৰ একেমুখে শলাগ লয়  গোফান থিয়েটাৰ আৰু অজস্ৰ দৰ্শকে । উল্লেখ্য যে  ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক অৰুন্ধতী কলিতাৰ সৃষ্টি এই  অয়ন থিয়েটাৰে বিগত  এটা যুগ ধৰি  দেশৰ বিভিন্ন ঠাইত নাটক প্ৰদৰ্শন কৰি নাট্যনুৰাগীৰ প্ৰশংসা বুটলি আহিছে। তাৰ ভিতৰত উল্লেখযোগ্য কেইখনমান নাটক হল  দহ দিনৰ অনশন , গান্ধাৰী, অন্ধযুগ, মহাভাৰতৰ নাৰী ,অম্বুপাখ্যান আদি । আজি ২৭ মাৰ্চত বিশ্ব থিয়েটাৰ দিৱস উপলক্ষত ঢকুৱাখনাৰ পৰা গৈ সুদূৰ ৰাজস্থানত নাট্যাভিনয় কৰি  প্ৰশংসা অৰ্জন কৰা অৰুন্ধতী কলিতাৰ এনে প্ৰয়াস নিশ্চিত ভাবে  অনুকৰণীয়।

বাতৰি যুগুতালে অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.