ঢকুৱাখনাৰ ফাট বিহু ১৩ মে`ৰ পৰা -উদযাপন সমিতি গঠন

0 244

ঢকুৱাখনাবাসীৰ স্বাভিমানৰ প্ৰতীক ,একক জাতিয় লোক কৃষ্টিৰ উৎসৱ ফাট বিহু ২০২২ বৰ্ষত উদযাপনৰ পথ প্ৰশস্ত হল।  ফাট বিহু সমিতিৰ সাধাৰণ পৰিষদৰ এখন ৰাজহুৱা সভাই দেওবাৰে  এই সিদ্ধান্ত গ্ৰহণ কৰি এখন উদযাপন সমিতি গঠন কৰি দিয়ে। অহা  ১৩,১৪  আৰু  ১৫ মে'ত  তিনিদিনীয়া কৈ ২০২২ বর্ষৰ ফাটবিহু মহোৎসৱ উদযাপন কৰিবলৈ সাধাৰণ সভাই প্ৰাঞ্জল গোঁহাইক সভাপতি ,  দেবেন গগৈক সম্পাদক ,  সঞ্জীৱ গগৈ , পল্লৱীতা বৰুৱা  আদিক উপ সভাপতি , ভবেশ দাস ,গণেশ চমুৱাক আদিক সহকাৰী সাধাৰণ সম্পাদক , আনন্দ দত্তক কোষাধ্যক্ষ হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰি দিয়ে। ঢকুৱাখনাৰ গৰিষ্ঠ সংখ্যক ফাটবিহু প্ৰেমী ৰাইজ উপস্থিত থকা সাধাৰণ পৰিষদৰ সভাত সভাপতিত্ব কৰে ফাট বিহু সমিতিৰ সভাপতি প্ৰদীপ চমুৱাই। সম্পাদক নৰ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত  বিগত ২০২০ আৰু ২০২১ দুটা বৰ্ষ ক`ৰণা কালীন পৰিস্থিতিৰ বাবে উদযাপন কৰিব নোৱাৰাৰ  পৰৱৰ্তী সময়ত উদযাপন হব লগা মহোৎসৱৰ বিস্তৃত কার্যক্রমণিকাৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।  ইয়াৰ পাছতে ফাট বিহু সমিতিৰ কাৰ্যকাল উকলি যোৱাৰ পৰিপ্ৰেক্ষিতত সমিতিখনে পদত্যাগ কৰাৰ পাছত এখন নতুন ফাটবিহু সমিতি গঠনৰ সভা অনুষ্ঠিত হয় । সভাত   গণতান্ত্ৰিক ভাবে বিষয় ববীয়া নিৰ্বাচন হয়।

বাতৰি যুগুতালে অমৃত পৱন বৰাই

 

Leave A Reply

Your email address will not be published.