ঢোল ,পেঁপা,গগনাৰ মাতত মুখৰিত জামুগুৰিহাট

0 219

অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী৷ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মুকলি বিহুৰ বাটকটীয়াস্বৰূপ জামুগুৰিহাটতো ৰঙালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি৷ঢোল-পেপা-গগনাৰ মাতত মুখৰিত হৈ পৰিছে জামুগুৰিহাটৰ আকাশ-বতাহ৷কন্যকা বহুমুখী কৃষি পামৰ উদ্যোগত আৰু ভৰলীপৰীয়া বিহুৱা দলৰ সহযোগত আজিৰপৰা ৰাজ্যৰ বচা-বচা বিহুৱা-ঢুলীয়া আৰু বিহুৱতী নাচনিৰ তত্বাৱধানত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা৷য’ত এইদৰে প্ৰায় ৫ শতাধিক কণ কণ শিশুৰপৰা আৰম্ভ কৰি ডেকা গাভৰুৱে ঢোলবাদন আৰু বিহুনাচৰ প্ৰশিক্ষণ গ্ৰহণ কৰে৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আনুষ্ঠানিকভাৱে এই কৰ্মশালাখন উদ্বোধন কৰি শৃংখলাবদ্বতাৰে উপযুক্তভাৱে প্ৰশিক্ষণ দি কণ কণ ছাত্ৰী ছাত্ৰীসকলক আগবঢ়াই নিব পাৰিলে বিহুৰ নিজস্ব স্বকীয়তা ৰক্ষা কৰিব পাৰিব বুলি মত ব্যক্ত কৰে৷
বাতৰি যুগুতালে ৰাতুল হাজৰিকাই..

Leave A Reply

Your email address will not be published.