মিচিং মিমাগ কৌবাংৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

0 361

মিচিং জনগোষ্ঠীৰ অন্যতম এক সংগ্ৰামী সত্তা, মিচিং  জাতীয় জীৱনৰ  প্ৰধানতম চালিকা শক্তি স্বৰূপ মিচিং মিমাগ কৌবাংয়ে  সংগ্ৰামী জীৱন যাত্ৰাত  ২৯ বছৰীয়া পৰিক্ৰমাত পদৰ্পণ কৰিলে। ১৯৯৩ চনতে স্বজাতিৰ উত্তৰণ আৰু স্বাধীকাৰ প্ৰাপ্তিৰ  লক্ষ্যৰে আত্মপ্ৰকাশ কৰা মিচিং মিমাগ কৌবাংয়ে  ২৯ বছৰীয়া বৰ্ণিল পৰিক্ৰমা পদাৰ্পন কৰাৰ পৰিপ্ৰেক্ষিতত এই সংগ্ৰামী  ইতিহাসৰ সশ্ৰদ্ধ স্মৰণৰ  উদ্দেশ্যেৰে সোমবাৰে  ঢকুৱাখনা জিলা মিচিং মিমাগ কৌবাংৰ উদ্যোগত অৱনৰীত  দিনজোৰা কাৰ্যসূচীৰে  প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰা হয় । জাতীয় সংগঠনটোৰ  ঢকুৱাখনা জিলা সমিতিৰ ১০ খন আঞ্চলিক সমিতিৰ সহযোগত  কেইবা শতাধিক কৰ্মকর্তাৰ  উপস্থিতিত অৱনৰী দৃৰবৃ অক্কুম প্ৰাংগণত পুৱা গছপুলি  ৰোপণ কৰে  সংগঠনটোৰ   কেন্দ্ৰীয় সদস্য যোগেশ কুম্বাংয়ে । ইয়াৰ পাছতে শ্বহীদ তৰ্পণ কৰে কেন্দ্ৰীয় সমিতিৰ সদস্য পানীন্দ্ৰ মেদকে । ইয়াৰ পাছতে জিলা সমিতিৰ সভাপতি দ্বীপেন দলেয়ে  বাংকে সমিতিৰ ১০ গৰাকী সভাপতিৰ সহযোগত সংগঠনৰ ১০ খন পতাকা উত্তোলন কৰে ।  ইয়াৰ পৰৱৰ্তী সময়ত জিলা সভাপতি  দ্বীপেন দলেৰ সভাপতিত্বত  গ্রাম্য অৰ্থনীতি সৱলীকৰণ  আৰু জীৱন জীৱিকা  ,জাতিৰ ভৱিষ্যত  সন্দৰ্ভত এক মনোজ্ঞ কৰ্মশালা  অনুষ্ঠিত হয়।
মিচিং জাতিয় সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সদস্য খনিন্দ্ৰ মেদকে   মনোজ্ঞ কৰ্মশালা উদ্ধোধন কৰি  এটা নিষ্কর্মা জাতিৰ ভৱিষ্যত কেতিয়াও  সুৰক্ষিত আৰু স্থায়ী নহয় বুলি  কৈ জাতীয় অৰ্থনীতি সবল কৰিব পাৰিলেহে  জাতিৰ উত্তৰণ সম্ভৱ বুলি মন্তব্য কৰে  উদ্ধোধক মেদকে।  জীৱন জীৱিকাৰ কঠোৰ সংগ্ৰামৰ  জৰিয়তেহে গ্ৰাম্য অৰ্থনীতি সবল কৰিব পাৰি বুলি কৈ মেদকে  যি জাতিৰ অৰ্থনৈতিক ভেঁটি দুৰ্বল, যি জাতি কৰ্ম বিমুখ , তেনে জাতি যিমানেই ভাষা ,সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত চহকী নহওঁক জাতীয় মেৰুদণ্ড সদায় ঘুনিয়া  বুলি মন্তব্য কৰে । কৰ্মশালাত মুখ্য আলোচক হিচাপে  সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু , আলোচক হিচাপে  টাকাম মিচিং পৰিন কৌবাংৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক তথা ঢকুৱাখনা জিলা পৰিষদৰ সদস্য ইন্দ্ৰ কুমাৰ চুংক্ৰাংয়ে  মননশীল বক্তব্য আগবঢ়ায় ।  মুখ্য আলোচক সুনীল কুমাৰ পেগুৱে  মিচিং স্বায়ত্ব শাসিত পৰিষদলৈ ২০২২-২০২৩ বর্ষৰ  আবন্তিত সমুদায় পুঁজিৰ ৮০ শতাংশ ধন কেৱল জীৱন জীৱিকাৰ শিতানত ব্যয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰী কৰি সমন্বিত কৃষি আৰু পশু পালনৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি  সৱলীকৰণৰ বাবে পৰিষদে গ্ৰহণ কৰা  এই যুগান্তকাৰী পদক্ষেপত জনগোষ্ঠীয়  ৰাইজৰ আত্মোৎস্বৰ্গী সহযোগিতা কামনা কৰে। বৰ্হি ৰাজ্যলৈ গৈ কৰ্ম সংস্থাপনৰ সন্ধান কৰাৰ পৰিবৰ্তে  থলুৱা নিবনুৱা নৱ প্ৰজন্মই  ঘৰতে থাকি পৰিষদৰ জীৱন জীৱিকাৰ আঁচনিৰ জৰিয়তে উপকৃত হোৱাৰ আহ্বান জনায়।  কৰ্মশালাত  প্ৰাক্তন জাতীয় সংগঠনৰ নেতা ,জিলা পৰিষদৰ সদস্য ইন্দ্ৰ কুমাৰ চুংক্ৰাংয়ে  মিচিং জাতীয় মহাসভাই গোগামুখ ঘোষণা পত্ৰৰ  জৰিয়তে স্বজাতিৰ সৰ্বাংগীন উত্তৰণৰ পথ প্রদর্শন  কৰি দি যোৱা নীতি নিৰ্দেশনা  প্ৰতিজন জনগোষ্ঠীয় নাগৰিকে পালন কৰাটো জাতীয় দায়িত্ব বুলি কয়। চুংক্ৰাংয়ে  এই ক্ষেত্ৰত  জাতীয় সংগঠন সমূহৰ  সামূহিক কৰণীয়তা সন্দৰ্ভত বিশ্লেষণাত্মক মন্তব্য আগবঢ়াই কৰ্মশালাত।  কৰ্মশালাত মিচিং  মিমাগ কৌবাংৰ  নেত্ৰী ,মিচিং  স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ইন্দিৰা চিন্তে কুম্বাঙ , জাতিয় সংগঠনৰ কেন্দ্ৰীয় নেতা যতীন পেগু স্বগোষ্ঠীয় উত্তৰণৰ দিশ সমূহৰ অবলোকণ কৰি মনোজ্ঞ বক্তব্য ৰাখে। সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস আৰু কৰ্মশালাত সাধাৰণ সদস্য বিউটি পেগু,   মিচিং জাতিয় সংগঠনৰ নেতা ক্ষীৰোদ পেগু , ৰাজীৱ দলে , বৃগেন দলে ,  ভূপেন দলে ,মোহন পেগু , নৰ নাথ চণ্ডী , বীৰেন দলে ,অমৃত দলে আদি গৰিষ্ঠ সংখ্যক নেতৃবৰ্গ উপস্থিত থাকে ।  জাতীয় সংগঠনটোৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি অনুষ্ঠিত কৰ্মশালাত অংগ গ্ৰহণ কৰা জাতীয় সংগ্ৰামৰ সংগ্ৰামী সকলে এখন স্বনিৰ্ভৰশীল , প্ৰগতিশীল, কৰ্মমুখী , কুসংস্কাৰমুক্ত,  উচ্চ শিক্ষিত সমাজ গঢ়াৰ বাবে আত্মনিয়োগ কৰাৰ সামূহিক  সংকল্প গ্ৰহণ কৰে ।

বাতৰি যুগুতালে অমৃত পৱন বৰাই ।

Leave A Reply

Your email address will not be published.