অচিৰেই জোনাকীয়ে ন ৰূপত প্ৰাণ পাই উঠিব

0 315

অসমৰ প্ৰথমটো চলচ্ছিত্ৰ জগতলৈ সুখবৰ। অচিৰেই জোনাকী পুনৰ উজ্জীৱীত হৈ উঠিব আৰু জ্যোতিৰ জেউতী চৰাব ৷ উল্লেখ্য যে, ১৯৩৪ চনতে তেজপুৰত নিৰ্মাণ কৰা প্ৰথমটো চলচ্ছিত্ৰ গৃহৰ পুনৰ নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ ইতিমধ্যে অসম চলচ্ছিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ ফালৰ পৰা ৰাজ্যখনৰ ১০ টা চলচ্ছিত্ৰগৃহলৈ অনুদান আগবঢ়াই কাৰ্যক্ষম কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও কেতবোৰ সমস্যাৰ বাবে জোনাকী কাৰ্যক্ষম হৈ উঠা নাছিল ৷ সেয়েহে বিশেষ গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অসম চলচ্ছিত্ৰ উন্নয়ন নিগমে জোনাকীক কাৰ্যক্ষম কৰাৰ কাৰ্যপন্থা হাতত লৈছে ৷ আজি অসমৰ জনপ্ৰিয় কন্ঠশিল্পী তথা নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে আহি জোনাকী ছৱিগৃহটো পৰিদৰ্শন কৰে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত পুনৰ প্ৰাণ পাই উঠিব বুলি মন্তব্য কৰে ৷ তেওঁ লগতে কয় যে, পূৰ্বতকৈ অসমীয়া চলচ্ছিত্ৰৰ দিন ভাললৈ আহিছে ৷ এই বছৰ ২৭ খন অসমীয়া চিনেমা মুক্তিলাভ কৰিব ৷ আনহাতে ৰাজ্যখনৰ ৫০ টা চিত্ৰগৃহৰ ৭৪ খনকৈ স্ক্ৰীণত চলচ্ছিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা উপলব্ধ হৈছে ৷ গতিকে অসমীয়া চলচ্ছিত্ৰ আৰু অসমৰ চিত্ৰগৃহৰ অৱস্থা বৰ্তমান যথেষ্ট সন্তোষজনক বুলি তেওঁ জানিবলৈ দিয়ে ।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.