সমাগত অম্বুবাচী মেলা। অসমৰ পৰ্যটনৰ ক্ষেত্ৰত এই মেলাই বিশেষ তাৎপ্যৰ্য বহন কৰি আহিছে। অম্বুবাচী মেলা যাতে সুচাৰুৰূপে অনুষ্ঠিত হয় তাৰ বাবে প্ৰশাসন তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। আজি আৱৰ্ত ভৱনত অনুষ্ঠিত কৰা এক সংবাদ মেলত মহানগৰ জিলা উপায়ুক্ত গৰাকীয়ে কয় যে ভক্ত সকলৰ বাবে সৰ্বমুঠ পাঁচটা শিবিৰৰ ব্যৱস্থা কৰা হৈছে। নিশা বাৰ বজাৰ পিছত কামাখ্যা ধামলৈ যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আজিৰ সংবাদ মেলত আৰক্ষী আয়ুক্ত হীৰেণ নাথে ব্যক্ত কৰে যে অম্বুবাচী মেলাৰ শুভ উদ্বোধনী অনুষ্ঠান সোনাৰাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব। লেজাৰ টেকনিক পদ্ধতিৰ জৰিয়তে ভক্তৰ সমাগম গণনা কৰা হ’ব। আনহাতে প্রায় ১২০০ কৰ্মীয়ে সহায় সহযোগিতা আগবঢ়াব বুলি আৰক্ষী আয়ুক্ত হীৰেণ নাথে সংবাদ মেলত সদৰী কৰে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা