অসমত কাৰ্বন শোষন বাবে গছপুলি ৰোপন কৰিব

0 64

জলবায়ু পৰিবৰ্তন অথবা পৰিস্থিতি তন্ত্ৰৰ তাৰতম্যৰ প্ৰতি লক্ষ্য ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ে গছ ৰোপনৰ এক অভিলাষী কাৰ্যসূচী গ্ৰহণ কৰিছে। সেই অনুসৰি ইতিমধ্যে বিশ্ববিদ্যালয়খনে টেৰি আৰু ৰিনিউ নামৰ দুটা কোম্পানীৰ লগত অলপতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে।

উদ্দেশ্য হৈছে অসমত কাৰ্বন শোষণৰ বাবে সৰ্বমুঠ ২কোটি গছপুলি ৰোপন কৰা। জানিব পৰা মতে প্ৰথম পৰ্য্যায়ত অসমৰ কৃষি ভূমিত উপলব্ধ গছৰ জৰীপ চলোৱা হ’ব। ইয়াৰ পৰৱৰ্তী পৰ্য্যায়ত কৃষকসকলৰ সহযোগত কাৰ্বন শোষণৰ বাবে গছপুলি ৰোপন কৰা হ’ব।এই আঁচনি খন শিৱসাগৰ, যোৰহাট, গোলাঘাট, শোণিতপুৰ, ওদালগুৰি, দৰং, নলবাৰী, বাক্সা, বৰপেটা আৰু বঙাইগাঁও জিলাত কাৰ্যকৰী হ’ব। এই কাৰ্যসূচীয়ে ভৱিষ্যতে পৰিস্থিতি তন্ত্ৰক নিশ্চিত ভাৱে প্ৰভাৱ পেলাব।

Leave A Reply

Your email address will not be published.