অসমত প্ৰৱেশ কৰিলে বিশ্বৰ আটাইতকৈ দীর্ঘতম নদী ক্রুজ জাহাজ গংগা বিলাসে

0 168

অসমত বিশ্বৰ দীৰ্ঘতম নদী ক্রুজ সেৱা গংগা বিলাস জাহাজৰ আগমনৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ অভ্যন্তৰীণ জল পৰিবহণ খণ্ডত এক নতুন দিগন্তৰ সূচনা হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অভিহিত কৰিছে। নদী পৰ্যটনৰ বিশাল সম্ভাৱনা মুকলি কৰা এই ঐতিহাসিক মুহূর্তত তেখেতে অসম আৰু উত্তৰ-পূবৰ জনগণক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

এই বিশেষ ক্ষণত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, আজিৰ দিনটো অসমৰ জনসাধাৰণৰ বাবে আৰু উত্তৰ-পূব ভাৰতৰ বাবে এক ঐতিহাসিক দিন৷ জলপথৰ জৰিয়তে বাণিজ্যৰ আদানপ্ৰদান, কাৰ্গ’ তথা যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত অসমৰ ঐতিহ্যপূৰ্ণ গৌৰৱ পুনৰুজ্জীৱিতকৰণৰ দিশত গংগা বিলাসৰ সফল আগমনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ দেশৰ স্বাধীনতাৰ পূৰ্বে অভ্যন্তৰীণ জলপথৰ জৰিয়তে বাণিজ্যৰ বিকাশৰ এক সোণালী ইতিহাস অসমৰ বুকুত সজীৱ হৈ আছে। কিন্তু স্বাধীনতাৰ পৰৱৰ্তীকালত তেতিয়াৰ চৰকাৰৰ অৱহেলাৰ বাবেই নদীপথসমূহৰ এই ঐতিহাসিক ভূমিকা স্তিমিত হৈ পৰিছিল। কিন্তু মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত দেশৰ জলপথসমূহৰ লগতে অসমৰ জলপথসমূহৰো পুনৰুজ্জীৱিতকৰণৰ দিশত বলিষ্ঠ পদক্ষেপ গ্রহণ কৰা হৈছে, যাৰ জৰিয়তে গংগাৰ পৰা ভাৰত-বাংলাদেশ প্ৰট’কল ৰুট হৈ ব্ৰহ্মপুত্ৰ সংযোগী বিশাল জলপথছোৱা নতুনকৈ উন্মুক্ত হৈছে৷ যিহেতু এতিয়া সম্ভাৱনাবোৰ বাস্তৱলৈ ৰূপান্তৰিত হ’ব ধৰিছে, এই দিশত গংগা বিলাসৰ সফলতাই এক নতুন দিশ মুকলি কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ‘পৰিবহণৰ জৰিয়তে পৰিৱৰ্তনৰ দৃষ্টিভংগী উপলব্ধিকৰণৰ দিশত এয়া এক সবল পদক্ষেপ। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম তথা উত্তৰপূব ভাৰতৰ নদী পৰ্যটনৰ সুযোগ-সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে। জাহাজখনত
থকা বিদেশী পর্যটকসকলৰ ইতিবাচক সঁহাৰিয়ে গংগা আৰু ব্ৰহ্মপুত্ৰত নদী ক্রুজ পৰ্যটনৰ উজ্জ্বল দিনৰ সম্ভাৱনাৰ প্ৰমাণ দিছে৷ দেশৰ সমৃদ্ধ নদী প্ৰণালীৰ নেটৱৰ্কক পুনৰুজ্জীৱিত কৰাৰ দিশত আমি দৃঢ় প্রতিশ্রুতিবদ্ধ। আজিৰ এই ঐতিহাসিক মুহূৰ্তটোৱে উত্তৰ-পূৰ্বাঞ্চলত জলপথৰ জৰিয়তে প্ৰগতি আৰু পৰ্যটনৰ নতুন দিশৰ উন্মোচন কৰিছে। মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বত ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে উত্তৰ-পূৰ্বাঞ্চলে কিদৰে আগুৱাই যোৱাৰ সুৱৰ্ণ সুযোগ লাভ কৰিছে, এয়া তাৰেই এক অনন্য উদাহৰণ। উল্লেখযোগ্য যে, এম ভি গংগা বিলাসে আজি দিনৰ প্ৰায় ১০:৩০ বজাত ভাৰত-বাংলাদেশ সীমান্তৰ জিৰো পইণ্টত প্ৰৱেশ কৰে আৰু তাৰপাছতেই বিয়লি ৪:০০ বজাত ধুবুৰী বন্দৰত প্ৰৱেশ কৰে৷ জিৰো পইণ্টৰপৰা ধুবুৰী বন্দৰ পাবলৈ অত্যাধুনিক জাহাজখনে ৩২ কিলোমিটাৰ যাত্ৰা কৰে৷ জিৰো পইণ্টৰপৰা পাণ্ডু বন্দৰলৈকে যাত্ৰাৰ সময়ছোৱাত আন এখন জাহাজ এছ এল সোৱণশিৰিয়ে গংগা বিলাসক সহযোগিতা আগবঢ়াই নদীপথেৰে একেলগে ধাৱমান হৈছে৷ তদুপৰি, টাগ এইচ পি টি আম্বেদকাৰ জাহাজখন প্ৰয়োজনীয় যিকোনো সহায়ৰ বাবে সাজু হৈ আছে। চলিত বৰ্ষৰ ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ্ অফ্ কৰাৰ পাছত গংগা বিলাসে বাৰাণসীৰপৰা যাত্ৰা আৰম্ভ কৰে আৰু ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগৰ লগতে বাংলাদেশৰ মাজেৰে ৩৯দিনীয়া যাত্ৰা কৰি অসমৰ ধুবুৰীত প্ৰৱেশ কৰিছেহি।

পৃথিৱীৰ আটাইতকৈ দীঘল নদী ভ্রমণ হিচাপে অভিহিত হোৱা গংগা বিলাসৰ বাৰাণসীৰ পৰা ডিব্ৰুগড়ৰ বগীবিল অভিমুখী যাত্ৰা অহা ১ মাৰ্চ তাৰিখে সম্পূৰ্ণ হোৱাৰ কথা আছে। ডিব্ৰুগড়ৰ বগীবিলত তেতিয়া ই ৫১ দিনীয়া যাত্ৰা সম্পূৰ্ণ কৰিব।

ধুবুৰীত উপস্থিত হোৱাৰ পাছত জাহাজখনৰ পৰ্যটকসকলক এম ভি প্ৰতিমাৰ জৰিয়তে ধুবুৰী কাষ্টমছ্‌ বন্দৰৰ জেটালৈ ইমিগ্ৰেচন ক্লিয়াৰেন্সৰ বাবে লৈ যোৱা হৈছিল৷ এই যুগান্তকাৰী যাত্ৰাত ভ্ৰমণৰত ছুইজাৰলেণ্ডৰ ২৮ গৰাকী পৰ্যটকক ধুবুৰীৰ উপায়ুক্তৰ উপৰি ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ আঞ্চলিক সঞ্চালকৰ লগতে প্ৰাধিকৰণ আৰু চৰকাৰৰ পৰ্যটন বিভাগৰ অন্যান্য বিষয়াসকলে আদৰণি জনায়৷ পৰ্যটকসকলক অসম চাহৰ সৈতে স্থানীয় সুস্বাদু খাদ্যসম্ভাৰ পৰিৱেশন কৰা হয়৷ অঞ্চলটোৰ আত্মসহায়ক গোটৰ বিপণিত পৰ্যটকসকলে স্থানীয় কাৰুশিল্প যেনে মৰাপাটৰ সামগ্ৰী, টেৰাকোটা শিল্পকলা, কুহিলা আদি দৰ্শন কৰে৷ এটা নৃত্য দলে পৰম্পৰাগত কোচ ৰাজবংশী নৃত্যও পৰিৱেশন কৰি পৰ্যটকসকলক আনন্দ দিয়ে৷

পৰ্যটকসকলৰ বাবে ধুবুৰী চহৰ আৰু ইয়াৰ আশে-পাশে প্ৰমোদ ভ্ৰমণৰ ব্যৱস্থা কৰা হৈছে য’ত‌‌ তেওঁলোকে স্থানীয় সাংস্কৃতিক এঁতিহ্য, কাৰুশিল্প আৰু অন্যান্য আকৰ্ষণীয় দিশবোৰ উপভোগ কৰিব পাৰিব৷ তদুপৰি, পৰ্যটকসকলে টেৰাকোটা শিল্পকলাৰ বাবে জনাজাত আছাৰিকান্দি অঞ্চলটোও ভ্ৰমণ কৰিব৷ ভিক্টোৰিয়া উদ্যান,গুৰু টেগ বাহাদুৰ চাহিব জীৰ গুৰুদ্বাৰা আদি
পৰ্যটনস্থলীসমূহইলৈও তেওঁলোকক লৈ যোৱা হ’ব৷ গংগা বিলাসে কাইলৈ দুপৰীয়াৰ আশে-পাশে ধুবুৰীৰপৰা গোৱালপাৰালৈ ইয়াৰ পৰৱৰ্তী যাত্ৰা পুনৰ আৰম্ভ কৰিব৷

Leave A Reply

Your email address will not be published.