অসমৰ কৃষিখণ্ডলৈ সুখবৰ-চাহ বাগানৰ অব্যৱহৃত ভূমিত আৰম্ভ হৈছে মাকৈ খেতি

0 76

ৰাজ্যৰ কৃষি খণ্ডৰ বাবে সুখবৰ।ধান,চাহ খেতিৰ দৰে অসমৰ ভূমিত মাকৈ খেতিৰ বাবে অগ্ৰসৰ হৈছে আৰ পি জে টি প্ৰাইভেট লিমিটেড আৰু উইনছম টি প্লেণ্টেচন।কালি মহানগৰীৰ গ্ৰেটৱে গ্ৰেণ্ডত অনুষ্ঠিত কৰা এক সংবাদ মেলত কোম্পানী হৈ দেবজিৎ বৈৰাগীয়ে কয় যে আমি সম্পূর্ণ বৈজ্ঞানিক পদ্ধতিৰে চহা কৃষক সকলক লগত লৈ চাহ ভূমিৰ অব্যৱহৃত মাটিত মাকৈ খেতি কৰিছো।

ইয়াৰ প্ৰাৰম্ভিক সময়ত জৰীপ, প্ৰশিক্ষণ, পৰীক্ষণৰ দৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আশা কৰা হৈছে মাকৈ খেতিয়ে স্থানীয় সম্প্ৰদায়ৰ নিয়োজন সৃষ্টি কৰাৰ লগতে ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰত প্ৰভাৱ পেলাব। উল্লেখ্য যে ইতিমধ্যে গোৱালপাৰা, সোণাৰি আৰু চৰাইদেউৰ বিভিন্ন চাহ বাগানৰ লগত কোম্পানীটোৱে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি মাকৈ খেতি কৰিছে। কালি অনুষ্ঠিত হোৱা সংবাদ মেলত বিষ্ণু উপাধ্যায়, নিষা জালান, অমৰজিত লহকৰ, দেবজিৎ বৈৰাগীকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.