অসমৰ পুৰুষ কাবাডী দল ঘোষণা

0 216

২১-২৬জুলাইলৈ হাৰিয়ানাৰ চাৰখী দাদৰীত অনুষ্ঠিত হ’বলগীয়া ৬৯ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ কাবাডী চেম্পিয়নশ্বিপত
অংশগ্ৰহণৰ বাবে আজি ৩জন ষ্টেণ্ডবাই সহ অসমৰ ১৫জনীয়া পুৰুষ দলটো ঘোষণা কৰে অসম কাবাডী সন্থাই।বাছনিপ্ৰাপ্ত খেলুৱৈসকল ক্ৰমে আব্দুল আৰীফ,আচিম ইকবাল,দীপজ্যোতি পাঠক,সুৰুজ তামুলী,গৌতম গগৈ,খাংম্পী ৱাংপান,যুগল সন্দিকৈ, দীপজ্যোতি দাস,মুকিবুৰ ৰহমান,মবিড হুছেইন,
আমিড নাৰ্জাৰী, চানিদুল ইচলাম আৰু ষ্টেণ্ডবাই খেলুৱৈসকল ক্ৰমে জুবিন ডেকা,সৌৰভ মিলি আৰু চাহিল আহমেদ। বাছনিপ্ৰাপ্ত দলটোৱে বৰ্তমান ১২ দিন এ আই এছ প্ৰশিক্ষক ওহিদুজ জমান আৰু দময়ন্তী বড়োৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহন কৰিব।
অসম দলটো গঠনৰ বাবে খেলুৱৈ নিৰ্বাচন প্ৰক্ৰিয়া নগাঁও ক্ৰীড়া সন্থাৰ সহযোগত নগাৱত অনুষ্ঠিত হয়।বাছনিপ্ৰাপ্ত দলটোৱে নগাঁওত ১২ দিন প্ৰশিক্ষণ গ্ৰহন কৰিব বুলি জানিবলৈ দিয়াৰ লগতে এইবাৰ অসম দলত এজনো বহিঃৰাজ্যৰ খেলুৱৈ অন্তৰ্ভূক্ত হ’ব নোৱাৰিব বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে অসম অসম কাবাডী সন্থাৰ সাধাৰণ সম্পাদক আলোক ত্ৰিপাঠীয়ে।

Leave A Reply

Your email address will not be published.