চতিয়া সমষ্টিৰ চৰ-চাপৰি সংখ্যালঘু বসতি প্ৰধান এলেকাত ৰাজ্যৰ ভিতৰতে প্ৰথমখন আদৰ্শ গাঁও স্থাপনৰ প্ৰস্তুতি চলাইছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷ সমষ্টিটোৰ জামুগুৰিহাটৰ অন্যতম সংখ্যালঘু বসতি প্ৰধান অঞ্চল গটাইমাৰীক বিধায়কগৰাকীয়ে আদৰ্শ গাঁও হিচাপে গঢ়ি তুলিছে ৷ অহা ২ ছেপ্তেম্বৰত অসমৰ মুখ্যমন্ত্ৰীয়ে সেই গাঁওখন শুভ উদ্ধোধন কৰিব ৷ ইতিমধ্যে চৰ-চাপৰিৰ ৬৮ টা সংখ্যালঘু পৰিয়ালক দুবিঘাকৈ চৰকাৰী মাটি আবণ্টন দিয়াৰ লগতে সেই ভূমিৰ পট্ৰাও প্ৰদান কৰিছে ৷ ইয়াৰোপৰি গাঁও খনত বিজুলিবাতি,খোৱাপানী,অংগনবাড়ী কেন্দ্ৰ, উপ স্বাস্থ্য কেন্দ্ৰ স্থাপনৰ আঁচনি লোৱাৰ লগতে প্ৰতিটো পৰিয়ালক একোটাকৈ চৰকাৰী আৱাস আৱণ্টনৰো সিদ্ধান্ত লৈছে ৷ ইতিমধ্যে গাঁওখনৰ ৰাস্তা-পদুলি নতুনকৈ নিৰ্মাণ কৰি উলিওৱাৰ লগতে গটাইমাৰী গাঁৱৰ বাসিন্দা সকলে পশুপালনৰো ব্যৱস্থা কৰিছে৷ মনকৰিবলগীয়া যে ২ছেপ্তেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই সমষ্টিটোৰ চৌকীঘাটত ৫ শতাধিক নিবনুৱাই প্ৰায় দুই সহস্ৰাধিক কৃষি ভূমিত কৰা খেতি-শস্য পৰিদৰ্শন কৰাৰ লগতে কৃষি সমস্যাৰ বুজ ল`ব বুলিও জানিব পৰা গৈছে৷
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন