নগাঁৱৰ হাতীচোঙত শিল্পী সূৰ্য দাসৰ লগতে তিনিগৰাকী শিল্পীক সম্বৰ্দ্ধনা

0 256

কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ, অসমৰ উদ্যোগত আজি নগাঁও জিলাৰ হাতীচোং কমাৰচুক যুৱক সংঘ পুৱতি সাংস্কৃতিক গোষ্ঠীৰ কাৰ্যালয়ত গণশিল্পী সূৰ্য দাসৰ লগতে তিনিগৰাকী শিল্পীক উষ্ম সম্বৰ্দ্ধনা জনোৱা হয়। শনিবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখন সঞ্চালনা কৰে সমাজকৰ্মী শ্যমন্ত বৰাই। শিল্পী ভোগেশ্বৰী দাসৰ বৰগীতেৰে আৰম্ভ হোৱা সভাত সমাজকৰ্মী পূৰ্নানন্দ দাস, জেষ্ঠ সাংবাদিক ৰাহুল দেৱ বৰদলৈ, সমাজকৰ্মী হৰেশ্বৰ দাস, প্ৰাক্তন ছাত্রনেতা অভিজিত দাস আৰু অনুষ্ঠানটিৰ মূখ্য পৰিচালক প্ৰণৱ মাজুলীয়ে বক্তব্য ৰাখে। মঞ্চৰ সদস্য দীপ দাস আৰু প্ৰভাত দাসে আঁতধৰা অনুষ্ঠানত গণশিল্পী সূৰ্য দাস, শিল্পী গোপালকৃষ্ণ দাস, মিনু হাজৰিকা আৰু অনাঁতাৰ শিল্পী ভোগেশ্বৰী দাসক আদৰণী বস্ত্র, চেলেং, জাপি, গ্ৰন্থৰ টোপোলাৰে উষ্ম সম্বৰ্দ্ধনা জনায়। শিল্পী সম্বৰ্দ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি তিনিগৰাকী উদীয়মান লিখকৰ তিনিখন গ্ৰন্থ ক্ৰমে অসীমজ্যোতি দাসৰ ” অৰুনদ্ধতী তোমাৰ নাম ” কাব্যগ্ৰন্থ, ৰাতুল দাসৰ ” অনুভৱৰ কবিতা ” কাব্যগ্ৰন্থ আৰু ভাস্কৰজ্যোতি দাসৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আধুনিক প্ৰেক্ষাপটত মূল্যায়ন কৰি ৰচনা কৰা উপন্যাস ” যাত্রা এজন গুৰুৰ সন্ধানত” উন্মোচন কৰা হয়। অনুষ্ঠানত গণশিল্পী সূৰ্য দাসৰ গীত, কিশোৰী নৃত্যশিল্পী পৰিস্মিতা দাসৰ নৃত্যই উপস্থিত ৰাইজক আপ্লুত কৰে।
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে..

Leave A Reply

Your email address will not be published.