আয়ুষ আপোনাৰ সেৱাত শীৰ্ষক সন্মিলন অনুষ্ঠিত

0 510

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আয়ুষ আৰু বন্দৰ,জাহাজ আৰু জলমাৰ্গ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ‘ আয়ুষ আপোনাৰ সেৱাত’ শীৰ্ষক বিষয়ৰ অধীনত আয়ুষ চিকিৎসা প্ৰণালী প্ৰচাৰৰ বাবে অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ স্বাস্থ্য মন্ত্ৰীসকলৰ সন্মিলনত অংশগ্ৰহণ কৰে।
সন্মিলনত প্ৰতিনিধি সকলক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে আয়ুষ আমাৰ ঐতিহ্য আৰু আমাৰ সভ্যতাৰ সৈতে গভীৰ ভাৱে সংপৃক্ত হৈ আছে।আয়ুষ ব্যৱস্থাটোত আমি অৰিহণা যোগাব পাৰিলে ই আমাৰ সভ্যতাক আৰু অধিক সমৃদ্ধ কৰি তুলিব।মুখ্যমন্ত্ৰীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলত থকা সমৃদ্ধ জৈৱ বৈচিত্ৰ বাবে এই অঞ্চলটোত আয়ুষ খণ্ডক বিকশাই তোলাৰ বাবে যথেষ্ট সম্ভাৱনা আছে।এই সম্ভাৱনা এক প্ৰণালীবদ্ধভাৱে বিকশাই তুলিব পাৰিলে উত্তৰ পূৰ্বাঞ্চল ভৱিষ্যত আয়ুষ হাব হিচাপে পৰিগণিত হ’ব।
ক’ভিড কালত ৰোগ প্ৰতিৰোধ আৰু ক্লিনিকেল ব্যৱস্থাপনা আয়ুৰ্বেদিক ঔষধে লোৱা ভূমিকা কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী য়ে কয় যে ৰাজ্য চৰকাৰে আয়ুষ পদ্ধতিটোক অধিক বিকশাই তোলাৰ বাবে দুধনৈ আৰু মাজুলীত আয়ুষ চিকিৎসালয় নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে।তেওঁ লগতে জনায় যে দুধনৈৰ আয়ুষ চিকিৎসালয়খন নিৰ্মাণকাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু মাজুলীৰ চিকিৎসালয় খনৰ নিৰ্মাণকাৰ্য অতি শীঘ্ৰে সম্পূৰ্ণ হৈ উঠিব।মুখ্যমন্ত্ৰী য়ে কয় যে বৰ্তমান অসমত এখন চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় আছে।এই খণ্ডৰ সম্ভাৱনীয়তা প্ৰতি লক্ষ্য ৰাখি তেওঁ অসমত আন এজন আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ বাবে অনুমোদন জনাবলৈ কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী গৰাকীক আহ্বান জনায়।তেওঁ লগতে কয় যে দুধনৈত ইতিমধ্যে এখন আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে ভূমি চিনাক্ত কৰা হৈছে।তেওঁ আশ্বাস প্ৰদান কৰি কয় যে প্ৰয়োজনীয় কৰ্মচাৰী নিয়োগৰ লগতে অভিলেখ সময়ৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলা হ’ব।
সন্মিলনত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় আয়ুষ আৰু বন্দৰ ,জাহাজ আৰু জলমাৰ্গ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তৰ পূৰ্বাঞ্চলক দেশৰ বিকাশৰ হাব হিচাপে গঢ়ি তোলাৰ সম্ভাৱনা বিষয়ে আলোকপাত কৰে।কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে ঔষধি উদ্ভিদ প্রচুৰ্যতাৰ লগতে অঞ্চলটোত পৰম্পৰাগত ঔষধি প্ৰণালীৰ জনপ্ৰিয়তাকে ধৰি প্ৰাকৃতিক সম্পদ উপলব্ধতাৰ কথা বিবেচনা কৰি তেওঁ মন্ত্ৰালয়ে আয়ুষ খণ্ডত উত্তৰ পূৰ্বাঞ্চলত থকা সম্ভাৱনা ব্যৱহাৰ কৰাৰ বাবে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে জনায় যে ৰাষ্ট্ৰীয় আয়ুষ অভিযানৰ অধীনত অসমৰ গোৱালপাৰাত এখন আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ এশখন আয়ুষ ডিচপেনচাৰি,১০০০ টা স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ স্থাপন কৰিব।তেওঁ লগতে কয় যে আয়ুৰ্বেদিক মহাবিদ্যালয় খন নিৰ্মাণত ৭০ কোটি টকা ব্যয় কৰা হ’ব। লগতে কয় যে গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ক উৎকৃষ্ট ভাৰ কেন্দ্ৰ হিচাপে বিকাশ কৰা হ’ব।মন্ত্ৰী গৰাকীয়ে লগতে কয় যে ৰাষ্ট্ৰীয় ঔষধ উদ্ভিদ পৰিষদে অঞ্চলটোত কেঁচা সামগ্ৰী সংসাধন বাবে এটা সুবিধা কেন্দ্ৰ স্থাপন কৰিব।ইয়াৰ উপৰি আয়ুষ স্বাস্থ্য ব্যৱস্থা প্ৰণালী ৰূপায়ণ লগতে উত্তৰ পূৰ্বাঞ্চলত ইনভেক্ট ইণ্ডিয়া ষ্টেটেজিক চেণ্টাৰ এণ্ড ফেচিলিটেচন ব্যুৰো স্থাপন বাবে পদক্ষেপ লোৱা হ’ব বুলি কয়।
সন্মিলনত আয়ুষ, মহিলা আৰু শিশু বিকাশ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডাঃ মঞ্জুপাৰা মহেন্দ্ৰভাই কালুভাই,অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, ছিক্কিমৰ স্বাস্থ্য মন্ত্ৰী ড° মণি কুমাৰ শৰ্মা আৰু নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাংনিউ ফমেও ভাষণ প্ৰদান কৰে।ইয়াৰ পূৰ্বে কেন্দ্ৰীয় আয়ুৰ্বেদিক বিজ্ঞান গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ড° এন শ্ৰীকান্ত,এন এম পি উপ মুখ্য কাৰ্যবাহী বিষয়া শেখৰ চানৱালা,ইনভেক্ট ইণ্ডিয়া সহকাৰী উপ সভাপতি আস্থা ত্যাগী, ড° গুড উইন নিউটন,ড° এ ৰঘুৱে উত্তৰ পূৰ্বাঞ্চলৰ আয়ুষ খণ্ডৰ সম্ভাৱনা আৰু অঞ্চলটোৰ মন্ত্ৰালয় দ্বাৰা লোৱা পদক্ষেপ সমূহ বিতং ভাৱে আলোকপাত কৰি আগবঢ়াই।
অনুষ্ঠান লগত সংগতি ৰাখি চি চি আৰ এ এছৰ দ্বাৰা প্ৰকাশিত কেইবা খনো গৱেষণা গ্ৰন্থ মুকলি কৰা হয়।লগতে অনুষ্ঠানত ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্যৰাজ ৰাজেশ কটেছাই,প্ৰমোদ কুমাৰ পাঠক,আয়ুষ মন্ত্ৰালয়ৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ শীৰ্ষ বিষয়া সকলে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.