অসম অৰুণাচল সীমান্তবৰ্তী ডেলাইছিত ঘন অৰন্যত গণেশৰ মূৰ্তি আবিৰ্ভাব

0 225

অসম অৰুণাচল সীমান্তবৰ্তী ডেলাইছীৰ ঘন জংঘলত আবিৰ্ভাব হৈছে এটি গণেশ মূৰ্তি ৷ স্থানীয় এজন আদিবাসী বৃদ্ধ লোকে সপোনত উক্ত স্থানত এটি মন্দিৰ থকা বুলি সপোনত দেখা পায় ৷ পাচত লোকজন সেই স্থানত উপস্থিত হৈ শিলৰ গণেশ মূৰ্তিটো দেখে ৷ পৰৰ্বৰ্তী সময়ত স্থানীয় ৰাইজে আবিৰ্ভাব হোৱা মূৰ্তিটোৰ ওচৰত চাকি-বন্তি লগোৱা আৰম্ভ কৰে ৷ আজি পূৱা স্থানীয় যুৱক মহেশ্বৰ বসুমতাৰীয়ে ৰাইজৰ সহযোগত জংঘল কাটি টিনৰ চালি দি এটি অস্থায়ী মন্দিৰ নিৰ্মানৰ কাম হাতত লয় ৷ ইফালে আজিৰপৰা এসপ্তাহ পূৰ্বে সপোনত দেখা ধৰণেই ঘন অৰণ্যত মূৰ্তিটো উদ্ধাৰ হোৱাৰ পাচত স্থানীয় ৰাইজৰ মাজত ব্যাপক ৰহস্যৰ সৃষ্টি হোৱাৰ লগতে মূৰ্তিটো দৰ্শনৰ বাবে অগণন ৰাইজ যোৱা পৰালক্ষিত হৈছে৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই ।

Leave A Reply

Your email address will not be published.