পাণ্ডু আদৰ্শ হাইস্কুল প্ৰাঙ্গনত বৃহৎ স্বাস্থ্য মেলা

0 229

কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ সহযোগত আৰু পশ্চিম গুৱাহাটী স্বাস্থ্য মণ্ডল(এফ, আৰ, ইউ) ৰ উদ্যোগত পাণ্ডু আদৰ্শ হাইস্কুল প্ৰাঙ্গণত আজি এখন স্বাস্থ্য মেলা অনুষ্ঠিত হয়। পূৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হোৱা স্বাস্থ্য মেলা আনুষ্ঠানিক ভাৱে মুকলি কৰে বিশিষ্ট সমাজকৰ্মী তথা পাণ্ডু আদৰ্শ হাইস্কুল পৰিচালনা সমিতিৰ. সভাপতি দ্বিজেন লহকৰে । অনুষ্ঠান মুকলি কৰি লহকৰে কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগক ধন্যবাদ জনোৱাৰ লগতে সকলোকে বেমাৰ আজাৰ সম্পৰ্কে সজাগ হোৱাৰ লগতে চিকিৎসক বা চিকিৎসা কৰ্মীৰ পৰামৰ্শ লবলৈ আহ্বান জনায়। পাণ্ডু এফ, আৰ, ইউ ৰ ভাৰপ্ৰাপ্ত অধীক্ষক কুমুদ ডেকাই স্বাস্থ্য মেলা সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। ডাক্তৰ প্ৰীতিৰেখা শৰ্মাই আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই কভিডৰ সময়ত চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলে আগবঢ়োৱা সেৱাৰ প্ৰশংসা কৰাৰ লগতে গুৱাহাটীৰ ভিতৰুৱা অঞ্চল সমূহত স্বাস্থ্য সেৱাৰ সজাগতা বৃদ্ধিৰ বাবে আহ্বান জনায়। অনুষ্ঠানত কামৰূপ মহানগৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কন্দৰ্প দাস, গাড়ী গাওঁ স্বাস্থ্য কেন্দ্ৰৰ অধীক্ষক ডা০ আশীষ শৰ্মা, আমিনগাওঁ স্বাস্থ্য কেন্দ্ৰৰ অধীক্ষক ডা০ ধীৰাজ ভট্টাচাৰ্য, কামাখ্যা স্বাস্থ্য কেন্দ্ৰৰ অধীক্ষক ডা০ শিৱ প্ৰসাদ বৰাই বক্তব্য আগবঢ়ায়। নৱনিযুক্ত কাউন্সিলৰ ক্ৰমে ৫ নং ৱাৰ্ডৰ সঞ্জয় দাস, ৬নং ৱাৰ্ডৰ শ্ৰুতপা চৰকাৰ, ৭ নং ৱাৰ্ডৰ অজয় চক্ৰৱৰ্তী আৰু বিজেপিৰ জালুকবাৰী মণ্ডলৰ সভাপতি কমল দে অনুষ্ঠানত উপস্থিত থাকে।
বাতৰি যুগুতালে জিতুমণি দাসে।

Leave A Reply

Your email address will not be published.