ৰঙিয়াৰ ১৮ খন ৰাজহ গাঁৱৰ তিনি সহস্ৰাধিক লোক বানৰ কবলত – বানপীড়িত ৰাইজৰ আশ্ৰয়, সাহাৰ্য আৰু চিকিৎসা সেৱা প্ৰদানৰ বাবে প্ৰশাসনৰ সক্ৰিয় পদক্ষেপ

0 230

ৰঙিয়া মহকুমাৰ বান পৰিস্থিতি আজিও অপৰিবৰ্তিত আছে। মহকুমাটোৰ মাজেৰে বৈ যোৱা পুঠিমাৰী, বৰলীয়া আৰু নোনা নদীৰ জলপৃষ্ঠ আজিও বিপদ সীমাৰ ওপৰতে আছে যদিও পুঠিমাৰীক বাদ দি বাকী দুখন নদীৰ জলস্তৰ কালিতকৈ সামান্য হ্ৰাস পাইছে। এইবাৰৰ বানত ৰঙিয়া ৰাজহ চক্ৰৰ অধীনৰ ১৮ খন ৰাজহ গাঁও ক্ৰমে গৰীয়াকোঠ, জলজলী, তুলসীবাৰী, ইচ্ছাপুৰ, হালিকুছি, তৰণী , কৰৰা গড় ভিতৰ, দলৈ গাঁও, বালাগাঁও, টটাৰকুছি, পূব চিতাৰা, পশ্চিম চিতাৰা, বৰ্হমপুৰ হাট বজালী, বৰকুকুৰীয়া, পীতাম্বৰ হাট বজালী, উদিয়ানা, গুৰকুছি আৰু খোপনিকুছিৰ তিনি সহস্ৰাধিক লোক ক্ষতিগ্ৰস্ত হৈছে। হাচানতুক প্ৰাথমিক বিদ্যালয়ত প্ৰশাসনে মুকলি কৰা একমাত্ৰ আশ্ৰয় শিবিৰটোত আজিও শতাধিক লোকে আশ্ৰয় গ্ৰহণ কৰি আছে। মহকুমা প্ৰশাসনে বানপীড়িত লোকৰ মাজত তৎপৰতাৰে সাহায্য সামগ্ৰী বিতৰণৰ লগতে মহকুমা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা যাৱতীয় চিকিৎসাসেৱা প্ৰদান কৰা হৈছে। মহকুমাটোৰ চাৰি সহস্ৰাধিক পশুধনো এইবাৰৰ বানত ক্ষতিগ্ৰস্ত হৈছে।
বাতৰি যুগুতালে দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.