অসম অৰুণাচল সীমান্তৰ চিজুছাত ৭৩ তম বন মহোৎসৱ উদযাপন

0 192

২০০৪ চনৰ এক প্ৰলয়ংকাৰী বানে প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ অসম অৰুণাচল সীমান্তৱৰ্তী চিজুছাৰ বিস্তৰ ক্ষতি সাধন কৰি এক মৰুভূমিত পৰিণত‌ কৰিছিল । জামুগুৰিহাটৰ সমিপবৰ্তী হাতিপটী অঞ্চলৰ পৰা চিজুছা গেটলৈকে চাৰি কিলোমিটাৰ যোৰা পথৰ দুয়ো কাষে এসময়ত অৰণ্যৰে ভৰপূৰ হৈ আছিল । কিন্তু কালক্ৰমত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে উক্ত পথৰ দুয়ো কাষে থকা গভীৰ অৰণ্যত ধ্বংসযজ্ঞ চলাই বৰ্তমান জনাঞ্চললৈ পৰিণত কৰিছে । বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনধ্বংসিত অঞ্চল সমূহ পুনৰ অৰণ্যৰে সেউজীয়া কৰি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে । সেইদৰে দেশৰ ৭৩ তম বন মহোৎসৱৰ লগত সংগতি ৰাখি স্থানীয় বিধায়ক পদ্ম হাজৰিকাৰ বলিষ্ঠ পদক্ষেপত এই চিজুছা অঞ্চলক পুনৰ অৰণ্যৰে ভৰপূৰ কৰি তুলিবলৈ আজি একেলগে প্ৰায় পাঁচ হাজাৰ গছপুলি ৰোপণ কৰে । বন মহোৎসৱৰ লগত সঙ্গতি ৰাখি আয়োজন কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উদ্ধোধন কৰা বৃক্ষৰোপণ কাৰ্য্যসুচীৰ পিছতেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অনুষ্ঠানত উপস্থিত লোক সকলে বৃক্ষ ৰোপন কৰে । উল্লেখযোগ্য যে, নদুৱাৰ বনাঞ্চলৰ ভূমি যধে মধে বেদখল কৰি গৃহ নিৰ্মাণৰ লগতে অন্যান্য কাৰ্যত ব্যৱহাৰ কৰি আহিছে সেই বেদখলকাৰী সকলক উচ্ছেদ কৰি FRC ৰ অধীনত ভূমি আৱন্তন দিয়াৰ কথা বিধায়ক গৰাকীৰ লগতে মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে । চতিয়া সমষ্টিত বজ্ৰপাত পৰি মৃত্যু হোৱা তিনিগৰাকী লোকক আজি শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, নদুৱাৰ ৰাজহ চক্ৰৰ সহযোগত বিধায়ক পদ্ম হাজৰিকাই চাৰি লাখ টকাৰ চেক প্ৰদান কৰে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.