অসম আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাৰ সফলতা।শাখাই চাইবাৰ প্ৰৱঞ্চকলৈ যোৱা মুঠ ৫০ লাখ টকা সুৰক্ষিত কৰি পুনৰ ঘূৰাই আনিবলৈ সক্ষম হয়।এমাহৰ পূৰ্বে আৰম্ভ কৰা বিত্তীয় চাইবাৰ প্ৰৱঞ্চনা প্ৰতিবেদন আৰু ইয়াৰ ব্যৱস্থাপনা প্ৰণালীয়ে এনে ধৰণৰ ঘটনা হ্ৰাস হোৱাত বিশেষ ভূমিকা পালন কৰে।যিয়ে চাইবাৰ প্ৰৱঞ্চনাৰ হাতলৈ ধন যোৱাত বাধা প্ৰদান কৰিছে।এই সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয় যে আন কোনো ৰাজ্যত এনে অবিৰত সেৱা প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই।এই সুবিধা প্ৰণালীটো উন্নত কৰিবলৈ আৰু ইয়াৰ অভেদ্য হিচাপে গঢ়ি তুলিবলৈ বছৰৰ ৩৬৫ দিনেই ২৪×৭ প্ৰচেষ্টা অব্যাহত আছে।টুইটাৰ যোগে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই কয় ৫০,০০,০০০ টকা।মাত্ৰ এমাহ পূৰ্বে বিত্তীয় চাইবাৰ প্ৰৱঞ্চনা প্ৰতিবেদন আৰু ব্যৱস্থাপনা প্ৰণালী আৰম্ভ কৰা হৈছিল।আৰু ইতিমধ্যে গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হৈছোঁ।যিটো কাৰ্যৰ দ্বাৰা চাই বাৰ প্ৰৱঞ্চনাৰ হাতলৈ ধন যোৱাটো বন্ধ হ’ব।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই