অসম এথলেটিকছ সন্থাৰ জেভলিন প্ৰতিযোগিতাৰ আয়োজন

0 162

২০২০ চনত টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক প্ৰাপ্তিৰে ইতিহাস ৰচনা কৰা এথলিট নিৰজ চোপ্ৰাৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে তথা জেভলিন খেলৰ জনপ্ৰিয়তা আৰু প্ৰসাৰ -প্ৰচাৰৰ অৰ্থে ৭ আগষ্ট দিনটো “জেভলিন ডে” হিচাপে পালন কৰি আহিছে ভাৰতীয় এথলেটিকছ ফেডাৰেচনে।

ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ নিৰ্দেশ মৰ্মে অসম এথলেটিকছ সন্থাইয়ো কাইলৈ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত জেভলিন ডে উদযাপনৰ সিদ্ধান্ত লৈছে।আনহাতে এই দিৱসৰ সৈতে সংগতি ৰাখি অসম এথলেটিকছ সন্থাৰ উদ্যোগত সৰুসজাই ষ্টেডিয়ামত ১৪,১৬,১৮,২০বছৰ অনুৰ্ধ্বৰ লৰা – ছোৱালী আৰু পুৰুষ মহিলাৰ মাজত ৰাজ্যিক ভিত্তিত জেভলিন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
অসম এথলেটিকছ সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামীয়ে প্ৰেৰণ কৰা এক বিবৃতিত এই কথা প্ৰকাশ। বিবৃতিটোত কোৱা হয় যে – “জেভলিন ডে”ৰ উদ্ধোধনী অনুষ্ঠানত অসম এথলেটিকছ সন্থাৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ কেবিনেত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছা,অসম চৰকাৰৰ ক্ৰীড়া সচিব কে জে হিলালী, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক প্ৰদীপ টিমু্ং উপস্থিত থাকিব।
আনহাতে জেভলিন দিৱসৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অসম এথলেটিকছ সন্থাৰ তৰফৰ পৰা কাইলৈ ৰাজ্যৰ চাৰিগৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব । তেওঁ লোক হ’ল ক্ৰমে নিবেদিতা গগৈ, কুশল লাহন, ৰজনী চেতিয়া আৰু বিৰাজ কুমাৰ ওজা।উল্লেখ্য যে – অসমত জেভলিন ডে সফল ভাৱে আয়োজন কৰাৰ বাবে অসম এথলেটিকছ সন্থাৰ সভাপতি জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ মৰ্মে সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামীয়ে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় জেভলিন খেলুৱৈ কুশল লাহনক আহ্বায়ক আৰু কৰুণাধৰ দত্তক অধ্যক্ষ হিচাপে লৈ এখন আঠজনীয়া শক্তিশালী সমিতি গঠন কৰি দিছে।

Leave A Reply

Your email address will not be published.