অসম গেছ কোম্পানীৰ সাফল্য

0 324

ডিব্ৰুগড় জিলাৰ দুলিয়াজানত অৱস্থিত অসম গেছ কোম্পানীয়ে চলিত বৰ্ষত এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি অসম চৰকাৰৰ লাভজনক কোম্পানীটোৰ ব্যবসায়িক সম্প্ৰসাৰণৰ উত্তৰন ঘটাই ইয়াৰ বাৰ্ষিক আয় বৰ্তমান ৩৬৮.৬৩ কোটি টকাৰ পৰা অহা দুবছৰত ১,২০০ কোটিলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যত চিটি গেছ বিতৰণৰ পৰিকল্পনা গ্ৰহণ কৰিছে। অসম গেছ কোম্পানী লিমিটেড এতিয়া লৈকে নিজাববীয়াকৈ উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ ,শিৱসাগৰ, যোৰহাট, গোলাঘাট জিলাত পাইপ যোগে গেছ বিতৰণ কৰি আছে।
সেইদৰে সমগ্ৰ ৰাজ্যত অসম গেছ কোম্পানীয়ে একচেটিয়াভাৱে গেছ পাইপ লাইনৰ সম্প্ৰসাৰণ ঘটাই এশ শতাংশ থলুৱা বিষয়া কৰ্মচাৰীৰে পৰিপূৰ্ণ উদ্যোগটোক অধিক টনকিয়াল আৰু ত্বৰাম্বিত কৰি তোলাৰ উদ্দেশ্যে প্ৰতিষ্ঠানটোৰ বৰ্তমানৰ পৰিচালনা সঞ্চালক গকুল চন্দ্ৰ স্বগয়াৰীৰ নেতৃত্বত কেতবোৰ সুদূৰ প্ৰসাৰী আৰু অভিলাষী আঁচনি গ্ৰহণ কৰিছে।
সেই উদ্দেশ্যে পি এন জি আৰ বিৰ চিটী গেছ বিতৰণ ১১ সংখ্যক নিবিদাতো চৰকাৰী-বেচৰকাৰী আন আন প্ৰতিষ্ঠানৰ সৈতে অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছে অসম গেছ কোম্পানী লিমিটেড। ভাৰত চৰকাৰৰ এই চিটী গেছ বিতৰণৰ ১১ সংখ্যক নিবিদাত সামৰি লোৱা হৈছে চিৰাং, বাক্সা, বঙাইগাঁও, বজালী,নলবাৰী আৰু বৰপেটাক।
আনহাতে অতি শেহতীয়াকৈ অসমৰ আন ১১ খন জিলা দৰং, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, ওদালগুৰি, নৰ্থ লখিমপুৰ, ধেমাজি, মাজুলী,নগাঁও,মৰিগাঁও, হোজাই,আৰু কাৰ্বিআলংত অসমৰ গেছ কোম্পানীয়ে সম্পূৰ্ণ একক ভাৱে আছাম গেছ গ্ৰিড প্ৰজেক্টৰ অধীনত গেছ পাইপ লাইন নেটৱৰ্ক গঢ়ি তোলাৰ প্ৰয়াস কৰিছে।
ইয়াৰ বাবে দুলিয়াজান পৰা দৰঙলৈকে ৫২৬ কিলোমিটাৰ দৈৰ্ঘ্য আৰু শিলচৰৰ পৰা মৰিগাঁৱলৈকে ২০০ কিলোমিটাৰ দৈৰ্ঘ্য জুৰি পাইপ লাইন বিস্তাৰৰ কাম পৰিকল্পিত ৰূপত ধৰা হৈছে। প্ৰায় ৩ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে এই ১১ খন জিলাত গেছ পাইপ লাইন শীঘ্ৰে সম্প্ৰসাৰণ কৰা হ’ব।এই সম্পৰ্কে জানিব পৰা মতে অসম গেছ কোম্পানীৰ গেছ মাৰ্কেটিং বিজনেছৰ মুৰব্বী তথা প্ৰকল্প সমূহৰ প্ৰজেক্ট মেনেজাৰ মনোজ বৰুৱাই।চলিত বছৰতোৰ এই ব্যয়বহুল পৰিকল্পনা ২০২১-২২ বিত্তীয় বৰ্ষত কাৰ্যকৰী কৰাৰ বাবে ইতিমধ্যে অসম গেছ কোম্পানীয়ে যাবতীয় কামসমূহ চৰকাৰৰ সৈতে সম্পাদন কৰিছে।এইদৰে অসম গেছ কোম্পানীৰ অধীনত আছাম গেছ গ্ৰিড আঁচনিয়ে ৰাজ্যত গেছ পাইপ লাইন সম্প্ৰসাৰণ ঘটাই ভাৰত চৰকাৰৰ আন এক প্ৰতিষ্ঠান ইন্দ্ৰধনুষ গেছ গ্ৰিড লিমিটেডৰ সৈতে গেছ সৰবৰহী পাইপ লাইন সংযোজন কৰা পৰিকল্পনা কৰিছে।
উল্লেখযোগ্য যে ৫৮ বছৰীয়া যাত্ৰা অতিক্ৰম কৰা অসম গেছ কোম্পানীয়ে বৰ্তমানলৈ ৩৫ হাজাৰ ৪১ গৰাকীলৈ ৰন্ধন গেছ যোগান ধৰিবলৈ সক্ষম হৈছে।
তদুপৰি অসম গেছ কোম্পানীয়ে ২০২০-২১ বিত্তীয় বৰ্ষত নামবৰ-গোলাঘাট-নু গেছ পাইপ লাইন প্ৰজেক্টৰ অধীনত প্ৰায় ২১০ কোটিব্যয় সাপেক্ষে গোলাঘাট আৰু যোৰহাট জিলাৰ ৬০ খন চাহ বাগিচা,এন আৰ এল আৰু ঘৰুৱা উপভোক্তাক সামৰি গেছ বিতৰণ পৰিকল্পনাৰে প্ৰায় ১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপ লাইনৰ কামৰ অগ্ৰগতিৰ লাভ কৰিছে । সেইদৰে ২০২১-২২ বিত্তীয় বৰ্ষত বি চি পি এল প্ৰজেক্টৰ অধীনত অসম গেছ কোম্পানীয়ে ২৭২ কোটি ব্যয় সাপেক্ষে গোলাঘাটৰ পৰা বি চি পি এল লাকুৱা প্লাণ্টলৈ ১২৫ কিলোমিটাৰ দৈৰ্ঘ্য পাইপ স্থাপনৰ পৰিকল্পনাৰে ইতিমধ্যে চুক্তিবদ্ধ হয়। প্ৰসংগক্ৰমে অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত গেছ পাইপ লাইন নেটৱৰ্কিং ব্যৱসায় সম্প্ৰসাৰণৰ উদ্দেশ্যে অসম গেছ কোম্পানীয়ে ৪৮ শতাংশ গৰিষ্ঠ অংশীদায়িত্বৰে অইল ইণ্ডিয়া লিমিটেড আৰু গেইলৰ সৈতে চুক্তিবদ্ধ কৰি ২৬ শতাংশ অংশীদায়িত্ব লৈ পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেড নামৰ এটা যৌথ কোম্পানী আৰম্ভ কৰে। এই যৌথ কোম্পানীৰ উদ্যোগতে ভাৰত চৰকাৰৰ অধীনস্থ নেচনেল গেছ গ্ৰিড প্ৰজেক্টৰ সহায়ত ইতিমধ্যে বহু কাম সম্পাদন কৰাৰ লগতে কিছুমান পৰিকল্পিত ৰূপত গ্ৰহণ কৰা হৈছে।
আনহাতে পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ ৰেগুলেটাৰী ব’ডৰ চিটী গেছ বিতৰণ ১) সংখ্যক নিবিদা লাভ কৰি অসম গেছ কোম্পানী, অইল ইণ্ডিয়া লিমিটেড আৰু গেইলৰ সন্মিলিত ব্যক্তিগত কোম্পানী পূৰ্ব ভাৰতী গেছ লিমিটেডৰ অধ্যক্ষ তথা অসম গেছ কোম্পানীৰ পৰিচালনা সঞ্চালক গকুল চন্দ্ৰ স্বগয়াৰীৰ বিশেষ তৎপৰতাত বৰ্তমান কামৰূপ, কামৰূপ মেড্ৰ,কাছাৰ,কৰিমগঞ্জ আৰু হাইলাকান্দিত গেছ পাইপ লাইন সম্প্ৰসাৰণ আৰু গেছ বিতৰণ কাম অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.