নৱবৰ্ষৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথাৰে

0 252

সমগ্ৰ বিশ্বতে ১জানুৱাৰীৰ দিনটো নতুন বছৰৰ প্ৰথম দিন হিচাপে ধৰা হয়।দৰাচলতে গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰি এই হিচাপ কৰা হয়। অৱশ্যে, গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ বাহিৰেও বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ কেলেণ্ডাৰ প্ৰচলিত আছে।
১৫৮২ চনত গ্ৰেগৰিয়ান কেলেণ্ডাৰ আৰম্ভ হৈছিল।
এই কেলেণ্ডাৰ অনুসৰি জানুৱাৰীক বছৰৰ প্ৰথম মাহ আৰু বছৰটোৰ শেষ ডিচেম্বৰ মাহ কৰাৰ লগতে ডিচেম্বৰৰ ২৫ তাৰিখটো খ্ৰীষ্টমাছৰ বাবে দিন হিচাপে ধাৰ্য হয়।সাধাৰণতে সূৰ্য চক্ৰৰ ভিত্তিত প্ৰস্তুত কৰা কেলেণ্ডাৰত বছৰত ৩৬৫দিন থাকে। বৰ্তমান বিশ্বত প্ৰচলিত গ্ৰেগৰিয়ান কেলেণ্ডাৰ চক্ৰৰ ভিত্তিত কেলেণ্ডাৰ প্ৰস্তুত কৰা হয়।
নৱবৰ্ষৰ আজি Gregorian Calendar অনুসৰি ২০২১ বৰ্ষৰ প্ৰথমটো দিন।নৱবৰ্ষৰ প্ৰথমটো দিনৰ আৰম্ভণি ঘটে Small Pacific Island টংগা,ছমুৱা আৰু কিৰিবাটিত।নতুন বছৰক আদৰা প্ৰথা 45 BCE ত ৰোমত Julius Caesar ৰ ৰাজত্বকালত আৰম্ভ হৈছিল।
ৰোমান সকলৰ Gateway আৰু Beginning ৰ দেৱতা Janus ৰ পৰাই মাহটোৰ নাম জানুৱাৰী হয়।ৰোমানসকলে Janus ৰ সন্মানাৰ্থে বছৰৰ প্ৰথম দিনটো New Year’s Day বুলি উদযাপন কৰিছিল।
নতুন বছৰ আদৰাৰ দস্তুৰ ভিন ভিন দেশত ভিন ভিন।
জাপানত ৰাতি বাৰ বজাৰ লগে লগেই বৌদ্ধ মন্দিৰবোৰত ১০৮ বাৰ ঘণ্টা বজায়।
স্পেইনত নতুন বছৰটোৰ প্ৰতিটো মাহ যাতে সুন্দৰভাৱে অতিবাহিত হয় তাৰ কামনাৰে এটা এটাকৈ আঙুৰ খায়।
দক্ষিণ আফ্ৰিকাত পুৰণা furniture বোৰ আৰু ডেনমাৰ্কত থাল-বাটি ৰাস্তালৈ দলিয়াই দি মনৰ সকলো কপট ভাৱ পৰিহাৰ কৰি নতুনক স্বাগতম জনায়।
ব্ৰাজিলত বগা সাজ পৰিধান কৰি অপশক্তিৰ পৰা পৰিত্ৰাণ পোৱাৰ আশাৰে সাগৰত সাত জাপ মাৰি পানীলৈ ফুল দলিয়ায়।
চিলিত জোতাৰ ভিতৰত পইচা ভৰাই লয় যাতে বছৰটোৰ বাৰ মাহেই লগত পইচা থাকে।কিউবাত ঘৰৰ চাৰিওফালে চুটকেচ ৰাখে ফুৰিবলৈ পোৱাৰ আশাত।
ইকোৱেডৰত ধুৰন্ধৰ Politician বোৰৰ প্ৰতিকৃতি দাহ কৰি বছৰটোৰ বাবে তেনে ৰাজনৈতিক নেতাৰ গ্ৰাসৰ পৰা দেশবাসীয়ে মুক্তি লাভ কৰাৰ কামনা কৰে।
এনেকুৱা আৰু বহুত দেশ আছে য’ত বিভিন্ন ধৰণেৰে নৱবৰ্ষ উদযাপন কৰে।এনেধৰণৰ খবৰৰ বাবে এন ই ফ’কাচ ডট কমক লগ ইন কৰিবলৈ নাপাহৰিব।

Leave A Reply

Your email address will not be published.