অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত বৰদোৱা শৈলীৰ বৰগীত আৰু খোল বাদনৰ কৰ্মশালা আৰম্ভ

0 221

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত আজিৰে পৰা বৰদোৱা শৈলীৰ বৰগীত আৰু খোল বাদনৰ কৰ্মশালা আৰম্ভ হৈছে। বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্তই । পৰিচালনা সমিতিৰ সদস্য ৰাজীৱ বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানটিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপ-সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, বটদ্ৰৱা সাংস্কৃতিক কেন্দ্ৰৰ উন্নয়ন বিষয়া সৌৰভ পানীফুকনে ভাষন প্ৰদান কৰে। বটদ্রৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজীৱ দত্ত, কোষাধ্যক্ষ আদিত্য বৰা, সদস্য ৰঞ্জিত মহন্তকে আদি কৰি কেইবাগৰাকী সদস্য, প্ৰশিক্ষাৰ্থী, অতিথি সহ তিনি শতাধিক লোকৰ উপস্থিতিত আজিৰে পৰা ১৫ দিনৰ বাবে খোলবাদ্য আৰু বৰগীতৰ কৰ্মশালা আৰম্ভ হয়।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.