দেশৰ পৰিবহন ব্যৱস্থাত জলপৰিবহন ব্যৱস্থাৰ গুৰুত্ব অপৰিসীম। এই উদ্দেশ্য আগত ৰাখিয়েই বিশ্ব বেংকৰ ঋণৰ দ্বাৰা অসম চৰকাৰে আভ্যন্তৰীণ জলপৰিবহন ব্যৱস্থাটো আধুনিকীকৰণ আৰু উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।ইতিমধ্যে বুনিয়াদী পৰ্য্যায়ত ইয়াৰ কাম কাজ আৰম্ভ হৈছে।উক্ত বুনিয়াদী কাম কাজৰ অংশ স্বৰূপে আভ্যন্তৰীণ জল পৰিবহন উন্নয়ন সমিতিয়ে পৰিবেশ আৰু সামাজিক প্ৰভাৱ মূল্যায়নৰ বাবে আৰ্কিটেকো নামৰ সংস্থাটো নিয়োগ কৰিছে তথা কৌশল গত উন্নয়নৰ আঁচনি প্ৰস্তুত কৰিবলৈ ইনৰ’ছ লেকানৰ নামৰ সংস্থাটোক দায়িত্ব দিছে। এই উপলক্ষে আভ্যন্তৰীণ জল পৰিবহন উন্নয়নৰ প্ৰকল্পৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে জড়িত অংশীদাৰ সকলৰ উপস্থিত আজি অসম আভ্যন্তৰীণ জল পৰিবহন উন্নয়ন সমিতিৰ কাৰ্যালয়ত অসম পৰিবহন কৌশল ২০৩৫ শীৰ্ষক এখন অলোচনা চক্ৰ অনুষ্ঠিত হয়। অসম পৰিবহন ব্যবস্থাৰ যুটীয়া সচিব ৰুবী শৰ্মাই।আনুষ্ঠানিক ভাৱে মুকলি কৰা অনুষ্ঠানটোত ভালেকেইটা চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ উপৰিও কেইবাখনো আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা