বিজ্ঞানে আত্মবিশ্বাস বৃদ্ধি কৰে, মনোবল দিয়ে। বিজ্ঞানে কোনো ক্ষেত্ৰতে কৌশলৰে মূল পথৰ সন্ধান দিয়ে। বিজ্ঞানক অধিক ভাবে জনগণৰ কাষ চপাবলৈ গঞা ৰাইজৰ মাজতো জনপ্ৰিয়কৰণ কৰি তুলিব লাগিব। এই মন্তব্য মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। পোনপ্ৰথমবাৰৰ অনিুষ্ঠিত হোৱা অসম বিজ্ঞান মহোৎসৱত অংশগ্ৰহণ কৰি সোণোৱালে এই মন্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়া কাৰ্য্যসুচীৰে অসম বিজ্ঞান মহোৎসৱ অনুষ্ঠিত হৈছে। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিভিন্ন সামগ্ৰী প্ৰৰ্দশনীৰ লগতে বিজ্ঞান বটা প্ৰদান কৰে। ইয়াৰ ভিতৰত জীৱন জোৰা সাধনা বটা প্ৰদান কৰে প্ৰয়াত ধীৰেন্দ্ৰ নাথ বৰঠাকুৰক। এই বটা গ্ৰহণ কৰে তেখেতৰ দুগৰাকী দুহিতাই। আনহাতে উদ্ভাৱনৰ ক্ষেত্ৰত বিশেষ ভাবে পাৰদৰ্শিতা দেখুৱাৰ বাবে যুব বিজ্ঞানী ড০ দেৱাশিষ বৰাক আৰু সমাজিক সুৰক্ষাৰ সংগঠনৰ ড০ বিভুতি লহকৰক সন্মান জনোৱা হয়। উল্লেখযোগ্য যে মাননীয় মুখ্য মন্ত্ৰীয়ে বিশেষ ভাৱে সক্ষম সকলক আৰ্থিক সহযোগিতা, জীৱন বীমা, আদি প্ৰদানৰ কথা ঘোষণা কৰাৰ লগতে পঞ্চায়তে পঞ্চায়তে বিজ্ঞান মেলা পাতিব লাগে বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত বিজ্ঞানৰ জয়যাত্ৰা আৰু দৈনন্দিন জীৱনত পৰা প্ৰভাৱৰ সম্পৰ্কে মন্তব্য কৰে। আজিৰ অনুষ্ঠানত অসম বিধান সভাৰ উপাধক্ষ্য দিলীপ পাল, বিজ্ঞান আৰু প্ৰযুক্তিৰ মন্ত্ৰী কেশৱ মহন্ত কে আদি কৰি বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত আছিল।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন