বিজ্ঞানে আত্মবিশ্বাস বৃদ্ধি কৰে, মনোবল দিয়ে। বিজ্ঞানে কোনো ক্ষেত্ৰতে কৌশলৰে মূল পথৰ সন্ধান দিয়ে। বিজ্ঞানক অধিক ভাবে জনগণৰ কাষ চপাবলৈ গঞা ৰাইজৰ মাজতো জনপ্ৰিয়কৰণ কৰি তুলিব লাগিব। এই মন্তব্য মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। পোনপ্ৰথমবাৰৰ অনিুষ্ঠিত হোৱা অসম বিজ্ঞান মহোৎসৱত অংশগ্ৰহণ কৰি সোণোৱালে এই মন্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়া কাৰ্য্যসুচীৰে অসম বিজ্ঞান মহোৎসৱ অনুষ্ঠিত হৈছে। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিভিন্ন সামগ্ৰী প্ৰৰ্দশনীৰ লগতে বিজ্ঞান বটা প্ৰদান কৰে। ইয়াৰ ভিতৰত জীৱন জোৰা সাধনা বটা প্ৰদান কৰে প্ৰয়াত ধীৰেন্দ্ৰ নাথ বৰঠাকুৰক। এই বটা গ্ৰহণ কৰে তেখেতৰ দুগৰাকী দুহিতাই। আনহাতে উদ্ভাৱনৰ ক্ষেত্ৰত বিশেষ ভাবে পাৰদৰ্শিতা দেখুৱাৰ বাবে যুব বিজ্ঞানী ড০ দেৱাশিষ বৰাক আৰু সমাজিক সুৰক্ষাৰ সংগঠনৰ ড০ বিভুতি লহকৰক সন্মান জনোৱা হয়। উল্লেখযোগ্য যে মাননীয় মুখ্য মন্ত্ৰীয়ে বিশেষ ভাৱে সক্ষম সকলক আৰ্থিক সহযোগিতা, জীৱন বীমা, আদি প্ৰদানৰ কথা ঘোষণা কৰাৰ লগতে পঞ্চায়তে পঞ্চায়তে বিজ্ঞান মেলা পাতিব লাগে বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত বিজ্ঞানৰ জয়যাত্ৰা আৰু দৈনন্দিন জীৱনত পৰা প্ৰভাৱৰ সম্পৰ্কে মন্তব্য কৰে। আজিৰ অনুষ্ঠানত অসম বিধান সভাৰ উপাধক্ষ্য দিলীপ পাল, বিজ্ঞান আৰু প্ৰযুক্তিৰ মন্ত্ৰী কেশৱ মহন্ত কে আদি কৰি বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত আছিল।
Trending
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান


