অসম বিধানসভা উপনিৰ্বাচনত-মাজুলীত ১,৩৩,২২৭ গৰাকী ভোটাৰে সাব্যস্ত কৰিব গণতান্ত্ৰিক অধিকাৰ

0 201

অসম বিধানসভাৰ ৯৯-মাজুলী (অ জ)সমষ্টিৰ বাবে অনুষ্ঠিত হ’বলগীয়া সমাগত উপ নিৰ্বাচনত ১,৩৩,২২৭ গৰাকী ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত ৬৭,৮১৯ গৰাকী পুৰুষ, আৰু ৬৫,৪০৮ গৰাকী মহিলা। ইয়াৰ উপৰি ৪০০ গৰাকী ছাৰ্ভিছ ভোটাৰ আছে। আনহাতে এই উপ নিৰ্বাচনত ১৮-১৯ বছৰৰ ২,৯৬৫ গৰাকী ভোটাৰ, ১,৩৪০ গৰাকী ৮০ বছৰৰ ঊৰ্দ্ধৰ আৰু ৪০০ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ যোৱা বৰ্ষৰ ১৮নবেম্বৰৰ পৰা আৰম্ভ হোৱা বিশেষ সংক্ষিপ্ত সংশোধনীৰ যোগে যোৱা ৫ জানুৱাৰীলৈ এইবাৰৰ ভোটাৰ তালিকাত এই সমষ্টিটোত মুঠ২,২৪৭গৰাকী ভোটদাতাৰ নাম নতুনকৈ সন্নিবিষ্ট কৰা হৈছিল। আনহাতে ইয়াৰ পিছতো নিৰৱচ্ছিন্নভাৱে চলি থকা ভোটাৰ তালিকাত নাম সন্নিৱিষ্টকৰণ প্ৰক্ৰিয়াত সমাগত নিৰ্বাচনৰ মনোনয়ন দাখিল কৰাৰ অন্তিম দিন অৰ্থাত ১৭ ফেব্ৰুৱাৰীলৈ এই সমষ্টিটোত ৭৮২ গৰাকী ভোটাৰৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে।এই নিৰ্বাচনত নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ ভোটদান সুনিশ্চিত কৰিবৰ বাবে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েয়ে সংশ্লিষ্ট সকলোৰে গোহাৰি জনাইছে।

Leave A Reply

Your email address will not be published.