কামৰূপত অবৈধ ৰেচন কাৰ্ড ব্যৱহাৰকাৰীলৈ জিলা প্ৰশাসনৰ জাননী-অযোগ্য হিতাধিকাৰীৰ কাৰ্ড ১৫ মাৰ্চৰ ভিতৰত উপায়ুক্তৰ কাৰ্যালয়ত জমা দিবলৈ আহ্বান

0 170

কামৰূপ জিলাত অবৈধভাৱে ৰেচন কাৰ্ড ব্যৱহাৰ কৰি থকা চৰকাৰী চাকৰিয়াল আৰু পেন্সনাৰসকললৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা এক জৰুৰী জাননী জাৰি কৰা হৈছে। এই জাননী অনুসৰি যিসকল চৰকাৰী চাকৰিয়াল আৰু পেন্সনাৰে এতিয়াও তেওঁলোকৰ ৰেচন কাৰ্ডসমূহ ঘূৰাই দিয়া নাই, তেওঁলোকক অহা ১৫ মাৰ্চৰ ভিতৰত নিশ্চিতভাৱে জিলা প্ৰশাসনৰ কাৰ্যালয়ত জমা দিবলৈ আহ্বান জনোৱা হৈছে। অন্যথা সেইসকল লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি অন্যায়ভাৱে ব্যৱহাৰ কৰা চাউলৰ মূল্য তেওঁলোকৰ দৰমহাৰ পৰা কৰ্তন কৰা হ’ব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে।

আনহাতে জিলাখনৰ আৰ্থিকভাৱে স্বচ্ছল যিসকল লোকে এতিয়াও তেওঁলোকৰ নামত থকা ৰেচন কাৰ্ডসমূহ ওভতাই দিয়া নাই, তেওঁলোককো তৎকালীনভাৱে এই কাৰ্ডসমূহ ঘূৰাই দিবলৈ জিলা উপায়ুক্তই আহ্বান জনাইছে। জিলাখনৰ আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ স্বাৰ্থত গ্ৰহণ কৰা এই ব্যৱস্থাৰ প্ৰতি সঁহাৰি জনাই সকলোৱে জিলাখনৰ উন্নয়নত বৰঙণি যোগাব বুলিও জিলা উপায়ুক্তগৰাকীয়ে আশা প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.