পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ অসম – মেঘালয় সীমান্তৰ মাটাইখাৰ মিলনপুৰ গাওঁকে ধৰি কাষৰীয়া কটালপাৰা , বিলপাৰ আৰু পাটগাঁওত শিশু, মহিলাকে ধৰি ৪৫ জনকৈ লোক আজি পৰ্যন্ত ক’ভিডত আক্ৰান্ত হৈছে । ইয়াৰ ভিতৰত মিলনপুৰত সৰ্বাধিক ৩৬ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে কটালপাৰাত ৩ জন , পাটগাঁওত ৫ জন আৰ বিলপাৰত এজন লোক আক্ৰান্ত হৈছে। ইতিমধ্যে মিলনপুৰত ২৮ জন লোক ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ পাছত ২১ মে’ত স্থানীয় পলাশবাৰী ৰাজহ চক্ৰৰ ফালৰ পৰা মিলনপুৰ গাওঁক কনটেণ্টমেণ্ট জন বা অবৰুদ্ধ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। এই সন্দৰ্ভত অঞ্চলটোৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান মাটাইখাৰ আঞ্চলিক জনজাতি ক্লাবৰ কৰ্মকর্তা ক্ৰমে প্ৰাণেশ্বৰ ৰাভা, ভবেন মেধি, প্ৰমোদ দাস, ৰাজেন ৰাভাই জানিবলৈ দিয়া মতে গাওঁখনত ক’ভিডৰ গণ সংক্ৰমণ হোৱাৰ সন্দেহ প্ৰকাশ কৰি সকলো বাসিন্দাৰ ৰেপিড টেষ্টৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনক দাবী জনোৱা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত মাটাইখাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ২২ মে’ৰ পৰা চিকিৎসক ডাঃ ভাস্কৰ ভৰালীৰ নেতৃত্বত এটা স্বাস্থ্য কর্মীৰ দলে মিলনপুৰকে ধৰি কাষৰীয়া অঞ্চলৰ লোকৰ কভিড পৰীক্ষা কাৰ্য আৰম্ভ কৰিছে । পৰীক্ষাৰ সময়ত ৪৫ জন লোকৰ দেহত কভিড – ১৯ ভাইৰাছৰ উপস্থিতি ধৰা পৰে । ইয়াৰে পাঁচজনক মিৰ্জাত থকা পতঞ্জলি কভিড কেয়াৰ কেন্দ্ৰত ভৰ্ত্তি কৰোৱাৰ বিপৰীতে বাকী ৩০ জনক হোম আইছ’লেছনলৈ প্ৰেৰণ কৰা হয় । ইফালে নিজৰ ঘৰত আছুতিয়াকৈ থকাৰ ব্যৱস্থা বা সুবিধা নথকা বাকী আক্ৰান্ত লোক সকলক ২১ মে’ৰ পৰা পৰা অঞ্চলটোৰ ৰাইজৰ উদ্যোগত মাটাইখাৰ মিলনপুৰ প্ৰাথমিক বিদ্যালয়ত শিবিৰ স্থাপন কৰি থকাৰ ব্যৱস্থা কৰি দিয়া হৈছে। শিবিৰত ৩ জনী যুৱতীকে ধৰি মুঠ ১০ জনে আশ্ৰয় গ্ৰহণ কৰিছে । ইতিমধ্যে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নিৰ্দেশ মৰ্মে আজি পলাশবাৰী ৰাজহ চক্ৰৰ ফালৰ পৰা কনটেণ্টমেণ্ট জনত আৱদ্ধ হৈ থকা প্ৰায় ৬০ টা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । আনহাতে ২৪ মে’ত পলাশবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ সিং হাজাৰীয়ে কনটেণ্টমেণ্ট জন পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে ক’ভিড প্ৰট’কল অনুসৰি কনটেণ্টমেণ্ট জনলৈ যাতে কোনো অকৰ্তৃত্বশীল লোক ওলোৱা – সোমোৱা কৰিব নোৱাৰে তাৰবাবে আৰক্ষী নিয়োগ কৰি পহৰাৰ ব্যৱস্থা কৰিছে । কিন্তু সীমান্তৱৰ্তী আৰু পাতলীয়া জনবসতি থকা অঞ্চল এটাত ক’ভিডৰ গণ সংক্ৰমণ হোৱা বিষয়টোৱে অঞ্চল বাসীক চিন্তিত কৰি তুলিছে । অৱশ্যে স্বাস্থ্যকৰ্মীৰ দলে ক’ভিডৰ যাতে আৰু অধিক সংক্ৰমণ হব নোৱাৰে তাৰ ওপৰত চোকা নজৰ ৰাখিছে বুলি জানিব পৰা গৈছে । আনহাতে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মটাইখাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াক অঞ্চলটোৰ প্ৰতিজন লোকৰে যাতে ক’ভিড পৰীক্ষা কৰা হয় তাক নিশ্চিত কৰিবলৈ আহ্বান জনাইছে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই