নেৰামেকৰ বিশেষ পদক্ষেপ: কৃষকৰ উৎপাদিত ফচলক বজাৰ দিয়াৰ ব্যতিক্ৰমী প্ৰয়াস

0 366

ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা মিনি লকডাউনৰ ফলত ক’ভিডৰ সংক্ৰমণ হ্ৰাস পালেও খাটি খোৱা নিচলা জনক দুৰ্যোগে লগ নেৰা হৈছে। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ কৃষক সকলৰ অৱস্থা শোচনীয় হৈ পৰিছে। উপযুক্ত ‌বজাৰ আৰু গ্ৰাহকৰ অভাৱত কৃষিভূমিত পৰি ৰৈছে উৎপাদিত ফচল। এনে সময়তে (Neramac) নেৰামেকে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। চিৰাং, কোকৰাঝাৰ, ওদালগুৰিৰ বিভিন্ন ঠাইত উৎপাদিত তৰমুজ ত্ৰিপুৰা আৰু শিলচৰত যোগান ধৰিছে। জানিব পৰা মতে নেৰামেকে প্ৰায় ৭০ মেট্ৰিক টন তৰমুজ বিটিচিৰ কৃষকৰ পৰা ক্ৰয় কৰি শিলচৰ আৰু ত্ৰিপুৰালৈ‌ নিছে। এই সম্পৰ্কে নেৰামেক ডেপুটি মেনেজাৰ পেনেলজিত দৈমাৰীয়ে কয় যে “নেৰামেকে সৰহকৈ উৎপাদিত ফচল সমূহক বজাৰ দিয়াৰ প্ৰথম প্ৰয়াস কৰিছে। ইয়াৰ ভিতৰত গোৱালপাৰা জিলাৰ দুধনৈ অঞ্চলৰ পৰা কল আৰু মৰিগাঁওৰ পৰা আইজোঙ চাউল আনি গুৱাহাটীৰ বিভিন্ন ঠাইত বিক্ৰী কৰিছে।” আনহাতে বিটিচিৰ উদ্যানশস্য বিভাগৰ মনোৰঞ্জন দাসে কয় যে এই দুৰ্যোগৰ সময়ত কৃষক সকলক সকাহ দিয়াৰ বাবে আমাৰ‌ প্ৰয়াস অব্যাহত আছে। চলিত বৰ্ষৰ প্ৰাৰম্ভিক সময়ত ডুবাইত কলিকতালৈও বিভিন্ন শাক-পাচলি পঠিওৱাৰ বাবে যো-জা কৰিছিলো, কিন্তু লকডাউনৰ বাবে সেইয়া সম্ভৱ হৈ নুঠিল। এই সম্পৰ্কে উদ্যান শস্য বিভাগৰ সঞ্চালক তৰংগ ভাৰতীয় বৰাই কয় যে “কৃষকসকলৰ দুৰাৱস্থা বুজ লৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছো।” এই সম্পৰ্কে নেৰামেকৰ সঞ্চালক মনোজ দাসে কয় যে বিগত বৰ্ষৰ লকডাউনৰ পৰাই অসমৰ কৃষকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল। এই সমস্যাৰ পৰিপ্ৰেক্ষিতত বহু কৃষকৰ শাক-পাচলি পথাৰতে গেলি-পচি গৈছিল আৰু বৰ্তমান সময়ৰ মিনি লকডাউনত ঠিক একেই পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু বিগত বৰ্ষত নেৰামেকে সেই শাক-পাচলি সমূহ আনি অনলাইনত সেৱাৰ জৰিয়তে গ্ৰাহকৰ ওচৰলৈ নিবলৈ সক্ষম হৈছিল। সম্প্ৰতি সময়ত ক’লা জালুক,কল, তৰমুজ, ৰঙালাও আদি বিভিন্ন ঠাইত যোগান ধৰা হৈছে। উল্লেখযোগ্য যে এই ক’লা জালুকসমূহ মানকাচাৰ,গোলাঘাট, কাৰ্বি-আংলংৰ বিভিন্ন ঠাই সমূহৰ পৰা সংগ্ৰহ কৰা হৈছে। তেখেতৰ মতে আমি কৃষকসকলক বজাৰমুখী কৰাত সহায় কৰো কিন্তু এই গোটেই প্ৰক্ৰিয়াটোত সহায় কৰিছে অসম চৰকাৰৰ কৃষি আৰু উদ্যানশস্যৰ বিভাগৰ মন্ত্ৰী আৰু বিষয়া সকলে। নেৰামেকৰ এই প্ৰচেষ্টা সুদূৰ প্ৰসাৰী হওক তাকেই কামনা কৰিলো।

Leave A Reply

Your email address will not be published.