১ জুনত ঘোষণা হ’ব চিবিএছই পৰীক্ষাৰ দিন

0 250

ক’ভিড সংহাৰৰ বাবে চি বি এছ ই ব’ৰ্ড পৰীক্ষালৈ অনিশ্চয়তা আহি পৰা বিষয়টোক লৈ শিক্ষার্থীসকলৰ অভিভাৱকসকলৰ মাজত দুশ্চিন্তাই দেখা দিছিল যদিও দেওবাৰে কেন্দ্র আৰু ৰাজ্যৰ উচ্চস্তৰীয় বিষয়ববীয়াৰ এক গুৰুত্বপূর্ণ বৈঠকত সকলো ধৰণৰ উৎকণ্ঠাৰ অৱসান ঘটায়৷
চি বি এছ ই ব’ৰ্ড পৰীক্ষা চলিত বর্ষত বাতিল নোহোৱাটো নিশ্চিত বুলি সদৰী কৰি এই বৈঠকৰ পিছতে চৰকাৰে ঘোষণা কৰিছে যে আগন্তুক জুলাই মাহত ক’ভিড প্রট’কলৰ মাজেৰে চি বি এছ ই বোর্ড পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷
কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিয়ালে আগন্তুক ১ জুনত পৰীক্ষাৰ দিন নির্ধাৰণকে ধৰি সবিশেষ তথ্য সদৰী কৰিব বুলিও দেওবাৰে কেন্দ্রীয় চৰকাৰৰ এক সূত্রই প্রকাশ কৰিছে৷
উল্লেখনীয় যে ১৯টা গুৰুত্বপূর্ণ বিষয়ৰ ক্ষেত্রত চি বি এছ ই ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাক লৈ দেওবাৰে আলোচনা কৰা হয়৷ এইক্ষেত্রত বহু ৰাজ্যৰ সমর্থনো লাভ কৰে কেন্দ্রীয় চৰকাৰে৷ অন্য বিষয়বোৰক লৈ বিকল্প চিন্তা কৰাৰ প্রস্তাৱ আগবঢ়াইছে কেইবাখনো ৰাজ্যই৷
উল্লেখনীয় যে দেওবাৰৰ এই উচ্চস্তৰীয় বৈঠকত অধ্যক্ষতা কৰিছিল প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ এই বৈঠকত উপস্থিত আছিল শিক্ষামন্ত্রী ৰমেশ পোখৰিয়াল, মহিলা আৰু শিশু কল্যাণ মন্ত্রী স্মৃতি ইৰাণী তথা তথ্য অৰু সম্প্রচাৰ মন্ত্রী প্রকাশ জাভাড়েকাৰ৷

Leave A Reply

Your email address will not be published.