কামৰূপ মহানগৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত আৰু জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ পল্লব গোপাল ঝাই ৰাইজৰ মাজত পথ সুৰক্ষা সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰিছে । বিশেষকৈ দুৰ্ঘটনা সংঘটিত হলেও যাতে চালক – আৰোহীৰ জীৱন ৰক্ষা পৰে তাৰ বাবে দুচকীয়া বাহনৰ চালক – আৰোহী উভয়ে হেলমেট পৰিধান কৰে আৰু চাৰিচকীয়া বাহনৰ চালক – যাত্ৰী উভয়ে ছিটবেল্ট ব্যৱহাৰ কৰে তাৰ নিশ্চিত কৰিবলৈ আৰু আইন ভংগ কৰা বাহনৰ চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা পৰিবহণ বিষয়াক ( প্ৰৱৰ্তক ) নিৰ্দেশ দিছে । উপায়ুক্তৰ নিৰ্দেশত আনদিনাৰ দৰে আজিও জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলে গণেশগুৰীৰ জি এছ ৰোডত ( শংকৰদেৱ পথ ) এক আকস্মিক অভিযান চলায় । অভিযান কালত দুচকীয়া বাহনৰ চালক – আৰোহী উভয়ে হেলমেট পৰিধান নকৰা আৰু চাৰিচকীয়া বাহনৰ চালক আৰু সন্মুখত বহি যোৱা আৰোহীয়ে ছিটবেল্ট ব্যৱহাৰ নকৰা বহু কেইটা ঘটনা ধৰা পেলোৱা হয় । এই সন্দৰ্ভত মটৰ পৰিবহণ আইনৰ অধীনত মুঠ ৩৩ টা গোচৰ ৰজু কৰা হয় । জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে জানিবলৈ দিয়া মতে মটৰ পৰিবহণ আইন ভংগ কৰা তথা দুচকীয়া বাহনৰ চালক আৰু পাছত বহি যোৱা আৰোহীয়ে হেলমেট পৰিধান নকৰা , চাৰিচকীয়া বাহনৰ চালক – আৰোহীয়ে ছিটবেল্ট ব্যৱহাৰ নকৰা সকলৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ এই অভিযান আগন্তক দিনত চলি থাকিব।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান