এইবাৰ পুহ মাহ আৰম্ভ হোৱাৰ পাছতেই অসমত অলপ পলমকৈ আহিছে শীত । অৱশ্যে আঘোন মাহৰ শেষভাগতে নামনি অসমতকৈ উজনি অসমত শীতৰ প্ৰকোপ বৃদ্ধি পাইছিল। গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি সন্ধিয়া সদৰি কৰা অনুসৰি বিগত ২৪ ডিচেম্বৰৰ পৰাই দক্ষিণ-পশ্চিম দিশৰ পৰা বতাহ বলি থকা বাবে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড , মণিপুৰ , মেঘালয়কে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ বেছিভাগ অঞ্চল প্রচণ্ড শীতৰ কৱলত পৰিছে। বিগত কেইবাদিনো ধৰি ভাৰত – তিব্বত সীমান্তকে ধৰি অৰুণাচল প্ৰদেশৰ কেবাখনো জিলা বৰফৰ আচ্ছাদনে ঢাকি ৰাখিছে। আনকি ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত ৩০ ডিচেম্বৰৰ দিনা সন্ধিয়াৰ ভাগত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অলপ পাতলীয়া বৰষুণ হৈছে। পহিলা জানুৱাৰী আৰু আজি দিনৰ ভাগত অলপ সময়ৰ বাবে আকাশত সূৰুয দেৱতাই ভুমুকি মাৰিছিল । কিন্তু ২৭ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ আকাশত সূৰুয দেৱতা প্ৰায় অন্তৰ্ধান হৈছিল। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি সন্ধিয়া সদৰি কৰা অনুসৰি আগন্তুক ২৪ ঘণ্টাত গুৱাহাটীকে ধৰি অসমৰ কেবাখনো জিলাৰ আকাশ ডাঠ কুঁৱলীৰ আবৰণে ঢাকি ৰাখিব। ইয়াৰ মাজতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কিছু কিছু অঞ্চলত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনকি শীতৰ সমান্তৰালভাৱে সন্ধিয়াৰ পাছত কুঁৱলীৰ ডাঠ আচ্ছাদনে ৰাজ্যৰ বেছিভাগ অঞ্চল ঢাকি ৰাখিব। বিগত ২৪ ঘণ্টাত আকাশ কুঁৱলীৰ আৱৰণে ঢাকি ৰখা সন্ধিয়া পর্যন্ত ৰাজ্যৰ বেছিভাগ ঠাইতে তাপমাত্রা স্বাভাৱিকতকৈ হ্ৰাস পাইছে। যাৰ বাবে ৰাইজে অধিক শীত অনুভৱ কৰিছে। উজনি অসমৰ বেছিভাগ ঠাইতে শীতৰ মাত্ৰা অধিক হোৱাত মানুহকে ধৰি জীৱ জন্তু শীতত ঠেৰেঙা লাগিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । একেদৰে গুৱাহাটী মহানগৰীতো বিগত ২৪ ঘণ্টাত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। শীতৰ বাবে সন্ধিয়াৰ পাছত বহু লোকক জুই জ্বলাই গৰমৰ উম লোৱাও পৰিলক্ষিত হৈছে। কুঁৱলীৰ আৱৰণৰ ফলত সূৰ্য্য দেৱতাই ভালকৈ ভুমুকি নমৰাত ৰাজ্যৰ বেছিভাগ ঠাইতে সৰ্বাধিক তাপমাত্ৰা ১ ৰ পৰা ৪ ডিগ্ৰী চেলচিয়াছ পৰ্য্যন্ত কমি গৈছে। শুকুৰবাৰে ৰাজ্যৰ কেতবোৰ নগৰ-চহৰত সৰ্বাধিক আৰু সৰ্বনিম্ন তাপমাত্ৰাৰ পৰিমাণ আছিল এনেধৰণৰ— গুৱাহাটী ২২ আৰু ১৩.০ ডিগ্রী, ডিব্ৰুগড় ২৫.৫ আৰু ৯.৪ ডিগ্ৰী , তেজপুৰ ২৪.০ আৰু ১২.৪ ডিগ্ৰী , শিলচৰ ২২.৮ আৰু ১২.২ ডিগ্ৰী, ধুবুৰী ২২.৫ আৰু ১৪.০ ডিগ্রী, যোৰহাট ২৪.৩ আৰু ১০.২ ডিগ্ৰী , উত্তৰ লখিমপুৰ ২৪.৮ আৰু ৮.৮ ডিগ্রী , নগাওঁ জিলাৰ চাপৰমুখত ২২.২ আৰু ৯.০ ডিগ্ৰী চেলচিয়াছ । একে সময়চোৱাত উত্তৰ পূবৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰা পৰিমাণ আছিল ১৯.৬ আৰু সৰ্বনিম্ন তাপমাত্ৰাৰ পৰিমাণ আছিল ৬.৬ ডিগ্ৰী চেলচিয়াছ। অৱশ্যে উত্তৰ পূবৰ ৰাজ্য কেইখনৰ ৰাজধানী চহৰ সমূ্হৰ ভিতৰত নাগালেণ্ডৰ ৰাজধানী কহিমাৰ সৰ্বনিম্ন তাপমাত্ৰাৰ পৰিমাণ আছিল মাত্ৰ ৫.০ ডিগ্ৰী চেলচিয়াছ। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক কেবাদিনলৈ বিগত কেইদিনৰ দৰে আকাশ কুঁৱলীৰ আৱৰণে ঢাকি ৰাখিব বুলি সদৰি কৰিছে। তাৰ মাজত মাজে সময়ে আকাশত সূৰুয দেৱতাই ভুমুকি মাৰিলেও শীতৰ প্ৰকোপ অব্যাহত থাকিব। বতৰ কিছু ফৰকাল হলেও জলাশয়, নৈপৰীয়া আৰু পাহাৰীয়া অঞ্চল আৰু মুকলি পথাৰ সংলগ্ন অঞ্চলসমূহত নিশাৰ ভাগত ডাঠ কুৱলীৰ আচ্ছাদনৰ প্ৰকোপ বৃদ্ধি পাব বুলিও সতর্কতা জাৰি কৰিছে।স্বাভাৱিকতে সকলোতে দৃশ্যমানতা হ্ৰাস পাব। ইয়াৰ ফলত বিমানৰ স্বাভাৱিক উৰণ-অবতৰণত বাধাৰ সৃষ্টি হব। বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ কৰ্তৃপক্ষই যাত্ৰীৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলক যাত্ৰা কৰিবলগীয়া সংলিষ্ট বিমান কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগ ৰাখিবলৈ অনুৰোধ জনাইছে। জানিব পৰা মতে বৰঝাৰ , ডিব্ৰুগড়কে ধৰি অসম আৰু উত্তৰ পূবৰ কেবাটাও বিমানবন্দৰৰ পৰা বিমানৰ উৰণ – অৱতৰণ কাৰ্য কুঁৱলীৰ বাবে বাধাৰ সৃষ্টি হৈছে। আনকি কেবাখনো বিমানৰ যাত্ৰা বাতিল কৰাৰ লগতে কিছু বিমানৰ উৰণ – অৱতৰণৰ সময়সূচী বিলম্ব হৈছে। উল্লেখ্য যে দেশৰ ৰাজধানী নতুন দিল্লীৰ উপৰিও কেবাটাও বিমানবন্দৰত কুঁৱলীৰ বাবে বহু বিমানৰ যাত্ৰা বাতিল কৰাৰ লগতে বহু বিমানৰ চলাচলত অধিক বিলম্ব হোৱাৰ লগতে স্বাভাৱিক চলাচলত ব্যাঘাতৰ সৃষ্টি হৈছে ।
Trending
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি
- গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে-৮২ খন ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ ফ্লেগ অফ কৰে