আকাশবাণী নগাঁও কেন্দ্ৰৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিন উদযাপন

0 68

আকাশবাণীয়ে বহুজন হিতায় বহুজন সুখায় মিছনৰ যোগেদি শিক্ষা, স্বাস্থ্য, জ্ঞান আৰু মনোৰঞ্জনৰ দিশত অনন্য অৰিহনা যোগাই আহিছে। এটা সময় আছিল ৰেডিঅ’ আছিল সকলো ধৰণৰ বাৰ্তা লাভৰ নিৰ্ভৰযোগ্য গণ মাধ্যম। ১৯২৭ চনৰ এই দিনটোৰ পৰাই ভাৰতীয় সম্প্ৰচাৰ কোম্পানীয়ে বম্বে ষ্টেচনৰ পৰা প্ৰথম সৰ্বভাৰতীয় অনাঁতাৰ সম্প্ৰচাৰ আৰম্ভ কৰিছিল। তেতিয়াৰে পৰা বৰ্তমান পৰ্যন্ত জনহিতাৰ্থে আকাশবানীয়ে ভাৰতৰ সকলো শ্ৰেণীৰ জনগণৰ সামগ্ৰীক উন্নয়ন আৰু মনোৰঞ্জনৰ চাহিদা পুৰণ কৰি আহিছে। এই মন্তব্য লেখক, সাংবাদিক ৰাহুল দেৱ বৰদলৈৰ। আজি আকাশবানী নগাঁও কেন্দ্ৰৰ ব্যৱস্থাপনাত বেবেজীয়াৰ সমিপৰ জামুগুৰীৰ গৌৰী নাথৰ চোতালত এক ৱপ্ৰাকৃতিক পৰিবেশত উদযাপন কৰা আকাশবাণী ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিনৰ আনুষ্ঠানিক সভাত সভাপতিত্ব কৰে দৰ্শন মহন্তই ।আকাশবানী নগাঁও কেন্দ্ৰৰ জেষ্ঠ ঘোষক, তথা মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘৰ সঞ্চালক কিৰণ চন্দ্ৰ নাথে আঁতধৰা অনুষ্ঠানত আকাশবাণী নগাঁও কেন্দ্ৰৰ কাৰ্যনিৰ্বাহক বেনৰি ইজুং, সদৌ অসম গ্ৰাম্য পুথিভড়াল সন্থাৰ সহ সম্পাদক খগেন চন্দ্ৰ নাথ, অঁনাতাৰ শিল্পী পৰান দাস, দেৱ শইকীয়া, মিলেশ্বৰ ডেকা, অঁনাতাৰ ঘোষক মৃণালী শৰ্মা, দিব্ব্যজ্যোতি বৰুৱাকে ধৰি অঞ্চলৰ বহু ৰেডিঅ’প্ৰেমী শ্ৰোতা ৰাইজ উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভনিতে ঘোষা আৰু বৰগীত পৰিবেশনৰ লগতে দিহা নাম, আবৃত্তি, নৃত্য-গীত পৰিবেশন কৰি শ্ৰোতা-ৰাইজক আপ্লুত কৰে বহু শিল্পীয়ে । এই অনুষ্ঠানতে সদ্য স্থাপিত মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘই আয়োজন কৰা ‘প্ৰশ্নোত্তৰ’ প্ৰতিযোগীতাৰ এই অঞ্চলৰ কেইবাগৰাকী ছাত্র-ছাত্রীক মানপত্র, কলম আৰু বহী বিতৰণ কৰে।
বাতৰি যুগুতালে ৰাহুল দেৱ বৰদলৈয়ে

Leave A Reply

Your email address will not be published.