আজাদি কা অমৃত মহোৎসৱত বি এছ এফৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত দেশপ্ৰেমমূলক সংগীতানুষ্ঠান

0 362

আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি সীমান্ত নিৰাপত্তা বাহিনীৰ ( বি এছ এফ ) আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত আজি বিয়লিৰ পৰা সন্ধিয়ালৈ দেশপ্ৰেমমূলক সংগীতানুষ্ঠানৰ আয়োজন কৰা হয় । বাহিনীটোৰ গুৱাহাটী ফ্ৰণ্টিযাৰৰ কমাণ্ডেন্ট সুৰেশ কুমাৰে আঁত ধৰা অনুষ্ঠানত বাহিনীটোৰ কেবাজনো জোৱানে হিন্দীৰ লগতে অসমীয়া গীত পৰিৱেশন কৰি ছাত্ৰ – ছাত্ৰীকে ধৰি উপস্থিত পাঁচ শতাধিক লোকক আপ্লুত কৰে । তেনেদৰে বি এছ এফৰ জাজ আৰু ব্ৰাছ বেণ্ড দলে যন্ত্ৰ সংগীতৰ লহৰৰে প্ৰায় এঘণ্টা ধৰি সুৰৰ মূৰ্ছনাৰেও সকলোকে আপ্লুত কৰে । অনুষ্ঠানৰ সামৰণিত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহা পৰিদৰ্শক সঞ্জয় সিং গেহলটে ভাগ লৈ চমু ভাষণত বি এছ এফৰ জন্মলগ্নৰ ইতিহাস দাঙি ধৰে বাহিনীটোৰ জোৱান সকলে নিজৰ জীৱনক তুচ্ছ কৰিও কিদৰে পাকিস্তান আৰু বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত নানান প্ৰত্যাহ্বানৰ মোকাবিলা কৰি দিনে নিশাই পহৰা দি আহিছে তাৰ আলোকপাত কৰে । অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপ ছাত্ৰ কল্যাণ সঞ্চালক দীনেশ চন্দ্ৰ কলিতা , স্নানকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি হেমেন কলিতা , সাধাৰণ সম্পাদক বিকী শৰ্মাই এনে ধৰণৰ অনুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত কৰি ছাত্ৰ সমাজক পুনৰ দেশপ্ৰেমৰে মহীয়ান কৰা বাবে বাহিনীটোৰ শলাগ লয় ।

বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.