কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ পাঁচটা সমষ্টিৰ ই.ভি.এম আৰু ভিভিপিএটি সমূহৰ আজি দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। ভাৰতৰ নিৰ্বাচন আয়োগে কামৰূপ মহানগৰ জিলাত নিয়োগ কৰা সাধাৰণ পৰ্যবেক্ষকদ্বয় ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিম শেখৰ গুপ্তা আৰু প্ৰদীপ কুমাৰ কৃষ্ণাৰাও ডাংগেৰ উপস্থিতিত জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত সম্পন্ন কৰা হয় এই ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়া। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া স্বপ্নিল পাল, ই.ভি.এম, ভি.ভি.পেট মেনেজমেন্ট কোষৰ ন’ডেল বিষয়া হেমাংগ নবীশ আৰু নিৰ্বাচন বিষয়া মানসজ্যোতি বৰাই অংশগ্ৰহণ কৰা উক্ত ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়াৰ জৰিয়তে পাঁচোটা সমষ্টিৰ ই.ভি.এমসমূহ ভোটগ্ৰহণ কেন্দ্ৰ ভিত্তিক পৃথকীকৰণ কৰা হয়। ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়াত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ লগতে নিৰ্বাচন অভিকৰ্তাসকল উপস্থিত থাকে। উল্লেখযোগ্য যে যোৱা ১৮ মাৰ্চত প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছিল।
Trending
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ