ৰাষ্ট্রীয় গ্ৰামীণ বিকাশ নিধি চমুকৈ আৰ জি ভি এন আৰু আই টি চি এম এছকেই যৌথভাবে গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি সকলৰ জৰিয়তে অসমৰ গ্ৰামাঞ্চলৰ লোক সকলে যাতে জীৱিকা নিৰ্বাহৰ বিকল্প পথ সমূহ বিচাৰি উলিয়াই আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰে তাৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ (এ.এছ এল.আৰ.এম) সহযোগত সজাগতা অভিযানকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। এই কাৰ্যসূচীৰ অংশহিচাপে আজি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপ চৌহদত এখন সজাগতা সভা অনুষ্ঠিত হয়। আৰ জি ভি এনৰ প্ৰকল্প সমন্বয়কদ্বয় আৰকন্যা বৰাৰ আদৰণি ভাষণ আৰু নবাব আহমেদৰ উদ্দেশ্য বাখ্যাৰে শুভাৰম্ভ হোৱা সভাত কামৰূপ জিলাৰ ৰামপুৰ আৰু ছয়গাঁও উন্নয়ন খণ্ডৰ অধীনৰ ৭ খনকৈ গাঁও পঞ্চায়তৰ সভাপতি, সচিব আত্মসহায়ক গোটকে ধৰি অন্যান্য অংশীদাৰী সকলে ভাগ লয়। সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ কৃষি বিজ্ঞান কেন্দ্র , কামৰূপৰ মুখ্য বিজ্ঞানী ড০ ধীৰেন্দ্ৰ নাথ কলিতাই ভাষণ প্ৰসংগত অসমৰ গাঁৱে ভূঞে সিঁচৰতি হৈ থকা থলুৱা সম্পদ সমূহৰ বিজ্ঞান সন্মতভাবে বিকশিত কৰি তাক বাণিজ্যিকৰণৰে জীৱিকা নিৰ্বাহৰ পথ উলিয়াব পাৰি বুলি তথ্য সহকাৰে দাঙি ধৰে। সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ কামৰূপ জিলাৰ জিলা পশু চিকিৎসা আৰু পশুপালন বিষয়া ডাঃ অৰুণ শৰ্মাই ছাগলী, গাহৰি, হাঁহ, কুকুৰাকে ধৰি পশুপালনৰ জৰিয়তে কম সময়, কম মূলধন, কম ঠাইত কি দৰে আৰ্থিক ভাৱে স্বাৱলম্বী হ’ব পাৰি তাৰ বিশদ বিৱৰণ দাঙি ধৰে। সভাত আই টি চি লিমিটেডৰ প্ৰকল্প প্ৰবন্ধক অতনু চেটাৰ্জী, এ. এছ.এল.আৰ.এমৰ কামৰূপ জিলাৰ প্ৰকল্প প্ৰবন্ধক ডি নন্দনে ভাগ লৈ পশুপালন, কৃষিপালনৰ জৰিয়তে মহিলাকে ধৰি গাঁও অঞ্চলৰ লোক সকলৰ জীৱিকা নিৰ্বাহৰ থলী সমূহ উত্তৰণৰ হকে কাম কৰি অহা বুলি সদৰি কৰে। আনহাতে দিনযোৰাকৈ অনুষ্ঠিত সভাত উপস্থিত সমল ব্যক্তিয়ে পঞ্চায়ত সভাপতি আৰু সচিব সকলক গাঁও অঞ্চলৰ লোক সকলৰ প্ৰতি থকা তেওঁলোকৰ দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰে।
Trending
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত