আজিৰে পৰা পুনৰ চলাচল আৰম্ভ হ’ব ৰ’পৱে সেৱা

0 473

আজিৰে পৰা পুনৰ আৰম্ভ হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত বন্ধ হৈ থকা ৰ’পৱে সেৱা।উল্লেখযোগ্য যে ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰ’পৱে সেৱা যোৱা ৬ মে’ পৰা বন্ধ কৰি ৰখা হৈছিল। পুৱা ৮ বজাৰ পৰা ৫:৩০ বজালৈ এই সেৱা চলিব।
আনহাতে পূৰ্বৰ তুলনাত ৰ’পৱে পাৰাপাৰ হোৱা ভাৰা বৃদ্ধি কৰা হৈছে।সেই অনুসৰি এবাৰ পাৰ হ’লে ষাঠি টকাৰ পৰা এশ টকালৈ দিব লাগিব।অৱশ্যে জ্যেষ্ঠ নাগৰিক আৰু শিশু বাবে ভাৰা হ্ৰাস কৰি আধা কৰা হৈছে ।আনহাতে সাপ্তাহিক ভাৰা দুহেজাৰ, মাহিলী ভাৰা ছহেজাৰ টকা আৰু বছৰেকীয়া পঞ্চাচ হাজাৰ টকা বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.