আদৰ্শৰ বাট দেখুৱাইছে বৰিহাটৰ পশু চিকিৎসক উৎপল দাসে- দক্ষিণ কোৰিয়াৰ পৰা অনা অত্যাধুনিক যন্ত্ৰৰে চিকিৎসা কৰিব বাৰ বিধ পশুৰ

0 260

ক’ব নোৱাৰাকৈয়ে কেতিয়াবা একোজন লোকৰ কাম কাজ আন দহজনৰ বাবে আদৰ্শ হৈ পৰে, প্ৰেৰণা লাভ কৰে। দক্ষিণ কামৰূপৰ পলাশবাৰী বিধান সভা সমষ্টিৰ বৰিহাটৰ পশু চিকিৎসক উৎপল দাসেও আন দহজনক বাট দেখুৱাব পাৰিছে। পশু চিকিৎসক হিচাপে দিল্লী, কলকাতা, হায়দৰাবাদ, গুজৰাট আদিত প্ৰায় বিশ বছৰ সময় ব্যস্ততাৰে পাৰ কৰিছিল। বহু লোভনীয় সুবিধাৰ চাকৰিও লাভ কৰিছিল। কিন্তু অভিজ্ঞতাৰে পুষ্ট হৈ এদিন ঘৰৰ লৰা ঘৰলৈ উভতি আহিছিল। আজি বৰিহাট, সৰপাৰা আৰু ভি আই পিত তিনিটাকৈ কেন্দ্ৰ স্থাপন কৰি বিভিন্ন পশু পক্ষীৰ চিকৎসা সেৱা চলাই আহিছে। শেহতীয়াভাৱে সৰপাৰাৰ সুধ্যিটি ভেটচ কেন্দ্ৰলৈ দক্ষিণ কোৰিয়াৰ পৰা অনা হৈছে আইডেক্স কোম্পানীৰ প্ৰায় ৩.৫ লাখ টকা মূল্যৰ ভেটটেষ্ট নামৰ অত্যাধিক যন্ত্ৰ। যাৰ দ্বাৰা বাৰ বিধ পশু পক্ষীৰ তেজৰ নমুনা পৰীক্ষা কৰি চিকিৎসা কৰিব পৰাৰ ব্যৱস্থা আছে। অসমত এনে আত্যাধুনিক যন্ত্ৰ অতি কম চিকিৎসকে ব্যৱহাৰ কৰি আছে। এইদৰেই বাহিৰলৈ ওলাই যোৱা লৰাটো পুনৰ ঘৰলৈ উভতি আহি নিজৰ অঞ্চলটোৰ লোকসকলৰ সুখ দুখৰ সমভাগী হৈ আদৰ্শৰ বাট দেখুৱাব পাৰিছে বৰিহাটৰ পশু চিকিৎসক উৎপল দাসে। এতিয়া আৰু পশু পক্ষীৰ চিকৎসাৰ বাবে গুৱাহাটীলৈ দক্ষিণ কামৰূপৰ লোকসকলে বাট কুৰি বাই যাব নালাগে। আজি আনুষ্ঠানিকভাৱে শুভ-উদ্বোধন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। বিধায়ক ঠাকুৰীয়াই পশু চিকিৎসক উৎপল দাসৰ এনে প্ৰচেষ্টাক শলাই লয়।

Leave A Reply

Your email address will not be published.