গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা অঞ্চলৰ বৰবৰী আৰু কেউটপাৰা নতুন বস্তি অঞ্চলৰ সংযোগী পথচোৱা আৰু আৰ.চি.চি দলঙখনৰ যোৱা ৬ ফেব্ৰুৱাৰী আধাৰশিলা স্থাপন কৰা হয়। তিনি সহস্ৰাধিক লোকৰ উপস্থিতি মাংগলিক কাৰ্যৰে আধাৰশিলা স্থাপন কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । এই উপলক্ষে অগপ দলৰ সাংগঠনিক সম্পাদক সুভাষ শৰ্মাই আঁতধৰা অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত গড়কাপ্তনি বিভাগৰ গুৱাহাটী পথ সংমণ্ডলৰ জৰিয়তে প্ৰায় আঢ়ৈ কৌটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া ৫০ মিটাৰ দৈৰ্ঘ্যৰ দলংখন নিৰ্মাণ হ’লে বৃহত্তৰ আজাৰা অঞ্চলৰ যাতায়ত ব্যৱস্থা বহুখিনি সূচল হ’ব। পূৰ্বৰ দৰে ৰাইজে তিনি-চাৰি কিলোমিটাৰ অযথা অহা-যোৱা কৰিব নালাগে বুলি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ব্যক্ত কৰে। অনুষ্ঠানত গড়কাপ্তানি বিভাগৰ গুৱাহাটী সংমণ্ডলৰ কণিষ্ঠ অভিযন্তা কনক চন্দ্ৰ ডেকা, কাহিকুছি গাও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া, আঞ্চলিক সদস্য পৰমেশ্বৰ বৰ্মন, দলং নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰ কংকনজ্যোতি ভাগৱতীকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে, বৰবৰীৰ পৰা কেওটপাৰা নতুনবস্তি সংযোগী পথচোৱাৰ দলং নিৰ্মাণৰ বাবে ১৯৮০ চনৰ পৰা অঞ্চলটোৰ ৰাইজে দাবী উত্থাপন কৰি আহিছিল। দলং নিৰ্মাণ নোহোৱা বাবে ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলটোল ৰাইজে তিনিৰ পৰা চাৰি কিলোমিটাৰ পৰ্যন্ত অযথা ঘুৰি অহা -যোৱা কৰিবলীয়া হোৱাত স্বাভাৱিকতে ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছিল। উক্ত দলংখন সম্পূৰ্ণ হৈ উঠিলে অঞ্চলটোৰ ৰাইজৰ বহুদিনীয়া আশা পূৰণ হ’ব।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন