আপকুৰ সাংবাদিকতা বঁটা

0 249

সুস্থ, সবল, বিশ্বাসযোগ্য সাংবাদিকতাৰ পৰিৱেশ সৃষ্টি কৰাৰ উপৰি নিস্বাৰ্থভাৱে সমাজক সুস্থ পথৰ সন্ধান দিয়া সাংবাদিকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন (আপকু) ৱে নিজস্বভাৱে বহু কেইটা সাংবাদিকতা বঁটা প্ৰৱৰ্তন কৰি সময়ে সময়ে বঁটাসমূহ প্ৰদান কৰি আহিছে। আপকুৰ বৰ্ষজোৰা ৰূপালী জয়ন্তী সমাৰোহতো বিভিন্ন জিলাই ইতিমধ্যে এনে বহু সাংবাদিকতা বঁটা প্ৰদান কৰিছে।

অহা ২৮,২৯ আৰু ৩০ বঙাইগাঁওত অনুষ্ঠিত হ’ব লগা আপকুৰ একাদশ দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰু বৰ্ষজোৰা ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানতো বহুকেইটা সাংবাদিকতা বঁটা প্ৰদান কৰা হ’ব। ৰীতামালা দত্ত সোঁৱৰণী সদৌ অসম সাংবাদিকতা বঁটা (মহিলা সাংবাদিক), বুদ্ধিন্দ্ৰ হাজৰিকা সোৱঁৰণী সদৌ অসম ইলেক্ট্ৰনিক মিডিয়া সাংবাদিকতা বঁটা, উচ্চ কমল চেতিয়া সোঁৱৰণী সদৌ অসম যুৱ সাংবাদিকতা বঁটা বঙাইগাঁওৰ অনুষ্ঠানত প্ৰদান কৰা হ’ব।

শদিয়াৰ পৰা ধুবুৰী লৈকে থকা আপকুৰ সদস্যসকলক উৎসাহিত কৰাৰ উপৰি সত্যনিষ্ঠ সংবাদসেৱাৰ ধাৰা অব্যাহত ৰখাৰ উদ্দেশ্যে আপকুৰ সদস্যসকলৰ মাজত অনুসন্ধানমূলক বাতৰি প্ৰতিযোগিতাও প্ৰতি দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰি কেন্দ্ৰীয় অধিৱেশনত এই সাংবাদিকতা বঁটাসমূহ প্ৰদান কৰা হয়। এইবাৰো বঙাইগাঁওৰ কেন্দ্ৰীয় অধিৱেশনত এই সাংবাদিকতা বঁটা প্ৰদান কৰা হ’ব। পণ্ডিত সুৰেন্দ্ৰনাৰায়ণ গোস্বামী সোঁৱৰণী সাংবাদিকতা বঁটা, পৱিত্ৰ নাৰায়ণ সোঁৱৰণী সাংবাদিকতা বঁটা, মণ্টুমোহন দাস সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা, যতীন্দ্ৰ চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা, মতিউৰ ৰহমান সোঁৱৰণী জীৱনজোৰা সাংবাদিকতা বঁটা। অনুসন্ধানমূলক সাংবাদিকতা বঁটাৰ বাবে ৰাজ্যখনৰ আপকুৰ সদস্যসকলৰপৰা দুটাকৈ অনুসন্ধানমূলক বাতৰি আহ্বান কৰা হৈছে। ২০১৬ চনৰ পহিলা জানুৱাৰীৰপৰা ২০১৭ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত যিকোনো দুটা অনুসন্ধানমূলক বাতৰি অহা ১০ এপ্ৰিলৰ ভিতৰত পোৱাকৈ এই ঠিকনাত পঠিয়াবলৈ আহ্বান জনোৱা হৈছে। ঠিকনা – হেমন্ত শইকীয়া, সম্পাদকপ্ৰধান আপকু, বিশ্বনাথ চাৰিআলি। ইমেইল hemanta 07 @gmail. com.

Leave A Reply

Your email address will not be published.