আমবাৰীত অগপৰ বৰ্ধিত কেন্দ্ৰীয় সমিতিৰ সভা সাংগঠনিক প্ৰস্তুতিৰে নিৰ্বাচনী যুঁজলৈ সাজু হবলৈ আহ্বান অতুল বৰাৰ

0 139

ব্যাপক সাংগঠনিক প্ৰস্তুতিৰে নিৰ্বাচনী যুঁজলৈ সাজু হ’বলৈ সকলো দলীয় সদস্যকে আহ্বান জনাই ৰাজ্যজুৰি তৃণমূল পৰ্য্যায়ৰ পৰা দলক শক্তিশালী ৰূপ দিবলৈ আহ্বান জনাইছে অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই।
আজি দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত অসম গণ পৰিষদ দলৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাত সভাপতিত্ব কৰি সভাপতি বৰাই কয় যে, বিধান সভা সমষ্টি সমূহ নতুন ৰূপত গঠন কৰিব লাগিব। সকলো শ্ৰেণীৰ জনসাধাৰণৰ লগত যোগাযোগ ৰক্ষা কৰি ৰাজ্যখনৰ উন্নয়ণ আৰু বিকাশৰ যাত্ৰাত অংশীদাৰ কৰাৰ দায়িত্বও গ্ৰহণ কৰিব লাগিব। দলৰ সদস্য সকলে সমাগত লোকসভাৰ নিৰ্বাচনত অগপৰ প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ লগতে মিত্ৰজোটঁক সৰ্বোতপ্ৰকাৰে সহযোগ কৰি মিত্ৰজোটৰ প্ৰাৰ্থীৰ জয়লাভ নিশ্চিত কৰাৰ কৌশল স্থানীয় ভাৱে গ্ৰহণ কৰিব লাগিব বুলি মতপোষণ কৰে। বৰাই লগতে ১৪ অক্টোবৰ তাৰিখে দলৰ ৩৯ সংখ্যক প্ৰতিস্থা দিৱস ৰাজ্যজুৰি সফলতাৰে অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়। এইবেলি দলৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস দলৰ জন্মস্থান গোলাঘাট চহৰত কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত হ’ব। দলৰ জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদী ধ্যান-ধাৰণাক কোনো যড়যন্ত্ৰ আৰু তথাকথিত শক্তিয়ে বিচলিত কৰিব নোৱাৰে বুলি দৃঢ়তাৰে মতপ্ৰকাশ কৰে সভাপতি বৰাই। কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু সদস্যৰ লগতে জিলা সমিতি আৰু ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি, সম্পাদকে অংশ গ্ৰহণ কৰা এই গুৰুত্বপূৰ্ণ সভাখনত কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই সক্ৰিয়তাৰে দলক আগবঢ়াই নিয়াত নিজকে উৎসৰ্গিত কৰিবলৈ আহ্বান জনাই প্ৰতিটো স্তৰতে দলীয় সংগঠন শক্তিশালী কৰাত গুৰুত্ব দিয়ে।সাম্প্ৰতিক পৰিবেৰ লগত সম্পৰ্ক থকাকে দলৰ কৰ্মসূচী গ্ৰহন কৰি জনসাধাৰণৰ চিন্তা চেতনাক প্ৰতিফলিত কৰিবলৈ মহন্তই আহ্বান জনায়। সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। সভাত জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাংসদ তথা সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডা০ কমলাকান্ত কলিতা, প্ৰদীপ হাজৰিকা, প্ৰবীন হাজৰিকা, ভূপেন ৰায়, মনোজ শইকীয়া, উৎপল দত্ত, সত্যব্ৰত কলিতা, বিমলেন্দু সিংহ, ভৱেন ভৰালী, কুমাৰ দীপক দাস, সুনীল ডেকা, বিষ্ণু দাস, ড০ তপন দাস আদি উপস্থিত থাকে।সভাই অতি কম দিনৰ ভিতৰত বিধান সভা সমষ্টি সমিতি পুনৰ গঠন কৰাৰ বাবে জিলা সমিতি সমূহক নিৰ্দেশ দিয়ে।

Leave A Reply

Your email address will not be published.