অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ১০ আৰু ১১ অক্টোবৰত দুদিনীয়াকৈ “ৰবি শস্যৰ কৰ্মশালা ২০২৩” আয়োজন কৰা হয়। কৰ্মশালাত অধ্যক্ষতা কৰে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি বিভাগৰ উৎপাদন আয়ুক্ত ডা° আশীষ কুমাৰ ভূটানীয়ে। কৰ্মশালাখনত অসম কৃষি আয়োগৰ অধ্যক্ষ ড° এইচ.এছ. গুপ্তাও উপস্থিত আছিল। কৰ্মশালাখনৰ উদ্দেশ্য হৈছে অসমত ৰবি ঋতুৰ বাবে পৰিকল্পনা কৰা আৰু অসমত ৰবি ঋতুত শস্যৰ তীব্ৰতা বৃদ্ধি কৰা। অসম চৰকাৰৰ কৃষি বিভাগ আৰু এপাৰ্টৰ যুটীয়া প্ৰচেষ্টাত অসম বীজ নিগম লিমিটেডে এই কৰ্মশালাখনৰ আয়োজন কৰিছে। “ৰবি শস্য কৰ্মশালা ২০২৩” ৰ উদ্বোধনী অনুষ্ঠানত ড° এইচ.এছ. গুপ্তাই তেওঁৰ ভাষণত কয় যে, যদিও অসম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয় বৃহত্তম ৰাজ্য, গ্ৰাম্য জনসংখ্যা তুলনামূলকভাৱে অধিক কিন্তু এতিয়াও কৃষিখণ্ডৰ বিকাশৰ অধীনতে আছে। ড° গুপ্তাই এই কথাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে যে, যেতিয়ালৈকে ৰাজ্যৰ উদ্যানশস্য, পশু চিকিৎসা, মীন পালনকে ধৰি কৃষি বিভাগে একেলগে কাম নকৰে তেতিয়ালৈকে অসমৰ কৃষিখণ্ডত কোনো ধৰণৰ বিকাশ হ’ব নোৱাৰে, লগতে কৃষকসকলৰ উপাৰ্জনো দুগুণে বৃদ্ধি হ’ব নোৱাৰিব। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি বিভাগৰ উৎপাদন আয়ুক্ত ডা° আশীষ কুমাৰ ভূটানীয়ে কৰ্মশালাত ভাষণ প্ৰদান কৰি কয় যে, ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰথমবাৰৰ বাবে অকল চাউলেই নহয়, কৃষকসকলক সহায় কৰাৰ বাবে সৰিয়হ ক্ৰয় কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। অসমত এক নতুন বৈপ্লৱিক সূচনাৰে কৃষিৰ ক্ষেত্ৰত এক নতুন দিগন্ত উদয় হোৱাৰ সম্ভাৱনা আছে। ধান খেতি চপোৱাৰ পিছত বেছিভাগ মাটি পৰিত্যক্ত ভূমি হিচাপে থাকে আৰু বিভিন্ন প্ৰযুক্তিগত, সামাজিক আৰু নীতিগত হস্তক্ষেপৰ জৰিয়তে শস্যৰ বিবিধতা বৃদ্ধি কৰাৰ লগতে আৰু ৰবি ঋতুত শস্যৰ নিৰ্বিৰতা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। এই তথ্য সমূহৰ ওপৰত ভিত্তি কৰি প্ৰত্যাহ্বানৰ লগতে সুযোগৰ কথা মনত ৰাখি, অসম চৰকাৰৰ কৃষি সঞ্চালকালয়ে বীজ, সাৰ, কৃষিগত ৰাসায়নিক দ্ৰৱ্য আদিৰ দৰে উপাদানসমূহ সামৰি কৃষি ভিত্তিক বাতাবৰণ নিৰূপণ কৰাৰ উদ্দেশ্যেৰে অসম বীজ নিগমৰ সমৰ্থনত ৰবি আৰু খাৰিব ঋতুকালীন কৰ্মশালা নিয়মীয়াকৈ অনুষ্ঠিত কৰাৰ ব্যৱস্থা হাতত লৈছে। সামগ্ৰীসমূহৰ চাহিদা আৰু যোগানৰ ব্যৱধান আৰু জিলা অনুসৰি মূল্যাঙ্কন ৰখাৰ ব্যৱস্থাকে ধৰি সকলো কৃষি পৰিস্থিতিৰ মূল্যাঙ্কন কৰাৰ ক্ষেত্ৰত এই কৰ্মশালাই দিক নিৰ্ণয় কৰিব। কৰ্মশালাৰ প্ৰথম দিনটোত অসম কৃষি আয়োগৰ সদস্য ড°নলিন মোহন, হলধৰ দেৱ শৰ্মা আৰু প্ৰাঞ্জল প্ৰকাশ শৰ্মা, অসম বীজ নিগম লিমিটেডৰ পৰিচালন সঞ্চালক গুণজিৎ কাশ্যপ, অসম বীজ আৰু জৈৱিক প্ৰমাণিকৰণ অভিকৰণৰ সঞ্চালক মৌচুম হাজৰিকা, উদ্যানশস্য সঞ্চালক ত্ৰিৰঙ্গা ভাৰতীয় বৰা, অসম বীজ নিগম লিমিটেডৰ অধ্যক্ষ প্ৰবিন হাজৰিকাৰ লগতে অন্যান্য ৰাজ্যিক বিষয়াসকল উপস্থিত আছিল।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ