নৱবৰ্ষত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে দুগৰাকী অসম সন্তানে।কালি ঘোষিত ইউপিএছচি মেইন পৰীক্ষা ২০২০ ত সফলতাৰে উত্তীৰ্ণ হৈ ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে অসমৰ দুগৰাকী প্ৰাৰ্থীয়ে ।ইউপিএছচি মেইন পৰীক্ষা ২০২০ ত সফলতাৰে উত্তীৰ্ণ অসমৰ প্ৰাৰ্থী দুগৰাকী হৈছে ক্ৰমে ৰাতুল ৰয় আৰু নেহা বৰা। পাঠশালাৰ ৰাতুল ৰয়ে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী চিএপিএফ (এচি) পৰীক্ষাত উত্তীৰ্ণ হৈছে। ৰাতুলে লাভ কৰা নম্বৰ হৈছে ১৭৭।এই পৰীক্ষা ইউনিয়ন পাব্লিক চাৰ্ভিচ পৰীক্ষা ২০২০ ৰ দ্বাৰা পৰিচালিত। মঙলবাৰে ইউপিএছচি-এ চিএপিএফ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে।এটি দুখীয়া পৰিয়ালৰ সন্তান ৰাতুল ৰয়ৰ পিতৃ প্ৰয়াত সুৰথ ৰয় আৰু গোলাপী ৰয়।ৰাতুলৰ পিতৃয়ে পাঠশালা চহৰত চাহৰ দোকান দি পৰিয়ালৰ পোহপাল দিছিল।আনহাতে, অসমৰ আন এগৰাকী সুসন্তান নেহা বৰাই ইউপিএছচি, চিএপিএফ পৰীক্ষাত উত্তীৰ্ণ হৈছে।তেওঁ তেজপুৰৰ বাসিন্দা আৰু পৰীক্ষাত ৫২ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান তেওঁ দিল্লীত আছে।নেহাৰ পিতৃ টোপেশ্বৰ বৰা চিআৰপিএফৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল আৰু মাতৃ মিনা দাস লক্ষ্ণৌত চিআৰপিএফৰ উপ-কমাণ্ডেণ্ট হিচাপে কৰ্মৰত হৈ আছে।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls