নৱবৰ্ষত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে দুগৰাকী অসম সন্তানে।কালি ঘোষিত ইউপিএছচি মেইন পৰীক্ষা ২০২০ ত সফলতাৰে উত্তীৰ্ণ হৈ ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে অসমৰ দুগৰাকী প্ৰাৰ্থীয়ে ।ইউপিএছচি মেইন পৰীক্ষা ২০২০ ত সফলতাৰে উত্তীৰ্ণ অসমৰ প্ৰাৰ্থী দুগৰাকী হৈছে ক্ৰমে ৰাতুল ৰয় আৰু নেহা বৰা। পাঠশালাৰ ৰাতুল ৰয়ে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী চিএপিএফ (এচি) পৰীক্ষাত উত্তীৰ্ণ হৈছে। ৰাতুলে লাভ কৰা নম্বৰ হৈছে ১৭৭।এই পৰীক্ষা ইউনিয়ন পাব্লিক চাৰ্ভিচ পৰীক্ষা ২০২০ ৰ দ্বাৰা পৰিচালিত। মঙলবাৰে ইউপিএছচি-এ চিএপিএফ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে।এটি দুখীয়া পৰিয়ালৰ সন্তান ৰাতুল ৰয়ৰ পিতৃ প্ৰয়াত সুৰথ ৰয় আৰু গোলাপী ৰয়।ৰাতুলৰ পিতৃয়ে পাঠশালা চহৰত চাহৰ দোকান দি পৰিয়ালৰ পোহপাল দিছিল।আনহাতে, অসমৰ আন এগৰাকী সুসন্তান নেহা বৰাই ইউপিএছচি, চিএপিএফ পৰীক্ষাত উত্তীৰ্ণ হৈছে।তেওঁ তেজপুৰৰ বাসিন্দা আৰু পৰীক্ষাত ৫২ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান তেওঁ দিল্লীত আছে।নেহাৰ পিতৃ টোপেশ্বৰ বৰা চিআৰপিএফৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল আৰু মাতৃ মিনা দাস লক্ষ্ণৌত চিআৰপিএফৰ উপ-কমাণ্ডেণ্ট হিচাপে কৰ্মৰত হৈ আছে।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী