দক্ষিণ কামৰূপ সচেতন মঞ্চই ৭২ সংখ্যক বন মহোৎসৱৰ লগত সংগতি ৰাখি আজি পলাশবাৰী আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ৯ (ন)খন ঈদগাহস্থলী আৰু কৱৰ স্থানত বৃক্ষৰোপন কৰে। সচেতন মঞ্চৰ উপদেষ্টা, সাংবাদিক তথা লেখক দীপক শৰ্মা আৰু মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাসৰ দৰে দুই হিন্দু যুৱকে লোৱা এই প্ৰচেষ্টাক ইছলাম ধৰ্মাৱলম্বী একাংশ বিশিষ্ট লোকে ভূয়সী প্ৰশংসা কৰে। পশ্চিম গুৱাহাটী সমষ্টিৰ পাচনীয়াপাৰা ঈদগাহ, পাচনীয়াপাৰা ৰাজহুৱা কৱৰ স্থান, পলাশবাৰী সমষ্টিৰ মিৰ্জাৰ কোছপাৰা নিউকলনি জামা মছজিদ, কোছপাৰা নিউকলনি কৱৰ স্থান, সৰপাৰা কৱৰ স্থান, হালীগাঁৱ- সৰপাৰা ঈদগাহ, হালীগাঁৱ কৱৰ স্থান, নৈপৰীয়া চিমিনা ৰাজহুৱা মছজিদ, চিমিনা ৰাজহুৱা কৱৰ স্থানত শতাধিক গছপুলি ৰোপন কৰে। এই অনুষ্ঠানত পাচনীয়াপাৰা মফিজুদ্দিন আহমেদ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আয়ুৱউদ্দিন আহমেদ, পাচনীয়াপাৰা ঈদগাহ সমিতিৰ সম্পাদক তথা খ্যাতিমান প্ৰাক্তন ফুটবল তথা কাবাড়ী খেলুৱৈ আক্ৰাম হুছেইন, বঙৰা অঞ্চলৰ সমাজকৰ্মী জাফৰ আলী, মকবুল আলী, মিৰ্জাৰ ইমাম মতিউৰ ৰহমান, মিৰ্জাৰ সমাজসেৱী নাছিৰ আহমেদ, বিজু ৰহমান, মোস্তফা ৰহমান, সৰপাৰা কৱৰ স্থানৰ সম্পাদক মন্টু আলী, সহ: সম্পাদক মমতাজ আলী, বিটিএডিৰ গোৰেশ্বৰ অঞ্চলৰ সমাজকৰ্মী ৰাজীৱ আলী, ইনটাজুল আলী, চফিকুৰ ৰহমান, নুৰুদ্দিন আলী, চিমিনাৰ ইমাম আব্দুল ৰহমান, সমাজকৰ্মী নুৰ ইছলাম আলী, ইউনুছ আলী, যুৱ ব্যৱসায়ী লফিকুল আলী, তাজনুৰ আলাম প্ৰভৃতি লোকসকলে অংশগ্রহণ কৰে। শিক্ষাবিদ-সমাজকৰ্মী আয়ুৱউদ্দিন আহমেদে কয়- সচেতন মঞ্চ সচাঁকৈয়ে প্ৰশংসাৰ পাত্ৰ। মহামাৰী ক`ৰণাৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতো নিজৰ জীৱনৰ প্ৰতি ভয়- শংকা নকৰি সাংবাদিক দীপক শৰ্মা আৰু প্ৰাক্তন ছাত্র নেতা মদন দাসে ঈদগাহ, কৱৰ স্থানত যি গছ ৰোপন কৰিলে এয়া ইতিহাসৰ পাতত তেওঁলোক দুয়োজনৰে নাম সোণালী আখৰেৰে লিখা থাকিব। খ্যাতিমান প্ৰাক্তন খেলুৱৈ আক্ৰাম হুছেইনে কয়- সমন্বয়-সংহতিৰ সেতু গঢ়িলে সচেতন মঞ্চই। তেওঁলোকৰ চিন্তাই সমাজত এক ইতিবাচক বাৰ্তা বহন কৰিব। ইমাম মতিউৰ ৰহমানে কয়- আজিৰ এই জটিল সন্ধিক্ষণত এক মহামিলনৰ বাট সূচল কৰিলে দীপক-মদনে। মানুহৰ মাজত থকা ভেদা ভেদৰ প্ৰাচিৰখন ভাঙিবলৈ কৰা প্ৰয়াসক ইমাম গৰাকীয়ে আদৰণি জনায়।
Trending
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী